ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ পদৰ ফলাফল আজি ঘোষণা কৰা হ’ব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক টুইটযোগে এই কথা সদৰী কৰে। তৃতীয়বৰ্গৰ ১১,৫১০টা পদৰ চাকৰিৰ ফলাফল বুধবাৰে পুৱা ১১ বজাত ঘোষণা কৰা হ’ব। আনহাতে, ৪ মে’ত চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল ঘোষণা কৰা হ’ব। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ ৱেবচাইট www.sebaonline.orgত চাব পাৰিব।
ফলাফল ঘোষণাৰ পিছত, নিৰ্বাচিত প্ৰাৰ্থীসকলক কোনটো বিভাগত নিযুক্তি দিয়া হ’ব সেইটো অহা ৯ মে’ তাৰিখে এক লটাৰীৰ জৰিয়তে চূড়ান্ত কৰা হ’ব। ইয়াৰ পিছতেই, ১১ মে’ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে মুঠ ২৬ হাজাৰৰো অধিক পদৰ বাবে বাছনিকৃত প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।