অসম চৰকাৰৰ অধীনৰ অসম পৰ্যটন উন্নয়ন নিগম চমুকৈ ATDCৰ উদ্যোগত সোমবাৰৰ পৰা গুৱাহাটী – ডিব্ৰুগড় – গুৱাহাটীৰ মাজত দৈনিক পোনপটীয়া বিমান চলাচল আৰম্ভ হৈছে। এই বিমান সেৱা আৰম্ভ কৰিছে দেশৰ অগ্ৰণী বিমান সেৱা প্ৰদানকাৰী কোম্পানী ফ্লাইবিগে। সোমবাৰে পুৱা ৯.৩৫ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পতাকা জোকাৰি বিমান সেৱাৰ শুভাৰম্ভ কৰিছিল অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব মনিন্দৰ সিং, ATDCৰ উপাধ্যক্ষ দিলীপ দাস , পৰিচালন সঞ্চালক কুমাৰ পদ্মপানী বৰাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া, বিমান সেৱা প্ৰদান প্ৰতিষ্ঠান বিগ চাৰ্টৰ প্ৰাইভেট লিমিটেডৰ ( ফ্লাইবিগ ) কৰ্পৰেট বিভাগৰ সঞ্চালক অজয় যাচৰাকে ধৰি কেবাজনো কাৰ্যবাহী, গুৱাহাটী বিমানন্দৰৰ পৰিচালনৰ দায়িত্বত থকা আদানী গ্ৰুপৰ গণমাধ্যম বিষয়া ৰুমা দেৱী কেওট উপস্থিত থাকে।
আনহাতে এই উপলক্ষে বিমানবন্দৰ চৌহদৰ ক্ষেত্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক সংবাদ মেলত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় – অসম চৰকাৰে ৰাজ্যৰ বিমানসেৱাক অধিক জনমুখী কৰি তাৰ দ্বাৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক উন্নয়ন সাধন কৰাৰ বাবে কেতবোৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে ফ্লাইবিগৰ সহযোগত গুৱাহাটীৰ পাছতে ৰাজ্যৰ অন্যতম ব্যস্ত বিমানবন্দৰ ডিব্ৰগড়ৰ সৈতে দৈনিক পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে। অহা ১৫ মেৰ পৰা শিলচৰলৈ দৈনিক বিমান চলাচল আৰম্ভ কৰা হ’ব। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৭২ খন আসনযুক্ত বিমানখন দৈনিক পুৱা ৯.৩৫ বজাত উৰা মাৰিব। তাৰ পাছত বিয়লি ৪.৩০.বজাত বিমানখন পুনৰ গুৱাহাটীলৈ উভতি আহিব। প্ৰথম দিনটোতে ৬৪ জন যাত্ৰী ডিব্ৰুগড়লৈ যাত্রা কৰিছে। অৰ্থাৎ প্ৰথম যাত্ৰাতে ৯০ শতাংশতকৈ যাত্ৰী উৰা মৰাটো ভালৰ লক্ষণ। আগন্তুক দিনত পৰ্যটকৰ সুবিধাৰ বাবে মাজুলী, ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত এটাকৈ হেলিপৰ্ট বা হেলিপেড নিৰ্মাণ কৰাৰ বাবে মূখ্যমন্ত্ৰী ড : হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত ব্যবস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান তাত মাটি অধিগ্ৰহণ কাম আৰম্ভ কৰাৰ বাবে কাম কাজ আৰম্ভ কৰা হৈছে, আনহাতে বৰ্তমান অসমকে ধৰি উত্তৰ পূবৰ বিভিন্ন বিমানবন্দৰৰ মাজত ২৪ টা বায়ুপথত ফ্লাইবিগে বিমান চলাচল কৰি থকা বাবে মন্ত্ৰী বৰুৱাই প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ দৈনিক পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত নিশ্চিতভাবে ৰাজ্যখনৰ বাবে পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্রত ইতিবাচক বার্তা আহিব বুলি আশা কৰা হৈছে।