দেশ বিদেশৰ পৰ্যটকৰ বাবে অচিৰেই বন্ধ হ’ব কাজিৰঙা৷ প্ৰতিকুল পৰিৱেশৰ মাজতো নিম্নগামী হোৱা নাই পৰ্যটকৰ সংখ্যা। পৰ্যটন বৰ্ষৰ শেষৰ সময়ছোৱাত কাজিৰঙাত পৰ্যটকৰ ব্যাপক ভিৰ।
সমান্তৰালকৈ এই সময়ছোৱাত অধিক সুন্দৰ হৈ পৰা কাজিৰঙাৰ প্ৰাকৃতিক শোভা,বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ উপভোগ কৰি আপ্লুত দেশী-বিদেশী পৰ্যটক। বিলৰ পাৰৰ গছৰ ছাঁত বিশ্ৰাম বনৰজাৰ৷ দৃশ্যটো ৰাষ্ট্ৰীয় উদ্যান খনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ৷ উল্লেখযোগ্য যে বাঘ প্ৰত্যক্ষ কৰাৰ মানসেৰে কাজিৰঙালৈ অহা পৰ্যটকে বৰ্তমান বুঢ়াপাহাৰ বনাঞ্চলত একাধিকবাৰ বাঘ প্ৰত্যক্ষ কৰিছে৷ সমান্তৰালকৈ উদ্যানখনৰ কহঁৰা,বাগৰী বনাঞ্চলটো সঘনে দেখা পোৱা গৈছে বনৰজাক। গঁড় কেন্দ্ৰীক পৰ্যটনত বাঘ দৰ্শনে দিয়া নতুন মাত্ৰাই আকৰ্ষণ বৃদ্ধি কৰিছে কাজিৰঙাৰ। যাৰ বাবে পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ অভিলেখৰ সৃষ্টি কৰিছে৷ প্ৰকৃতিপ্ৰমীৰ মতে উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমুহৰ লগত সমানে ফেৰ মাৰিব পৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷