দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে অসম পাব্লিক ৱৰ্কছ চমুকৈ APWৰ সভাপতি অভিজিৎ শৰ্মাই দুটাকৈ গোচৰ ৰুজু কৰিছে। অভিজিৎ শৰ্মাই ৰঞ্জন গগৈৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে। ইয়াৰোপৰি, তেখেতে ৰঞ্জন গগৈৰ জীৱনীমূলক গ্ৰন্থ ‘JUSTICE FOR THE JUDGE’ নিষিদ্ধ কৰিবলৈও গোচৰ দিছে। এই গ্ৰন্থখনত কিছু আপত্তিজনক তথ্য সন্নিবিষ্ট হোৱা বুলি অভিজিৎ শৰ্মাই অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য যে, এই সন্দৰ্ভত কামৰূপ দেৱানী আদালতত ২৬১/২০২৩আৰু ৪৪৭/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে।