অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুস্মান অসম আনুষ্ঠানিকভাৱে মুকলি কৰে।
মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাস্থ্য খণ্ডত নতুন দিগন্তৰ সূচনা হোৱা বুলি উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ লক্ষাধিক হিতাধিকাৰীৰ পৰিয়াল চিকিৎসাৰ দিশত উপকৃত হ’ব বুলি কয়। মুখ্যমন্ত্ৰীয়ে ‘দৰিদ্ৰতা নিৰ্মূলৰ প্ৰচেষ্টা দেশজুৰি সমাদৃত হৈছে’ বুলি উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ড থকা পৰিয়াললৈ ৫ লাখ টকাৰ চিকিৎসা বীমা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে।
উল্লেখ্য, ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে পাব ৫লাখ পৰ্যন্ত নগদবিহীন চিকিৎসা। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ৫৭লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিছে বুলি জানিবলৈ দি অসমৰ ৩০০খন চিকিৎসালয়ত আয়ুষ্মান কাৰ্ড প্ৰযোজ্য হ’ব বুলি কয়। আনহাতে এই কাৰ্ডযোগে দেশৰ ২ৰ পৰা ৩ হাজাৰখন চিকিৎসালয়ত প্ৰযোজ্য হ’ব চিকিৎসা সেৱা। এই আঁচনিখনৰ মুখ্য বৈশিষ্ট্যসমূহ হৈছে, (১) প্রতিটো যোগ্য পৰিয়ালৰ বাবে বছৰি ৫ লাখ পর্যন্ত নগদবিহীন চিকিৎসা সেৱা প্রদানৰ নিশ্চিতি, (২) আঁচনিখনত প্রায় ২৬ লাখ হিতাধিকাৰী পৰিয়ালক সামৰি ল’ব, (৩) ৰেচন কার্ড আৰু আধাৰ কার্ড থকা কিন্তু ABPMJAY -ৰ অন্তর্ভুক্ত নোহোৱা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব আৰু (৪) সমগ্র অসমৰ ৩ শতাধিক তালিকাভুক্ত চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা আৰু দেশৰ সকলো ABPMJAY তালিকাভুক্ত চিকিৎসালয়ত এই আঁচনিৰ যোগেদি ১৫০০ত কৈও অধিক চিকিৎসা প্রক্রিয়া উপলব্ধ হ’ব।