প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি বিশেষ স্নেহ আছে। কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ পুঞ্চৰ বাসিন্দা নজাকৎ চৌধুৰীয়ে লিখা এখন পত্ৰৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চল হৃদয়ৰ পৰাও দূৰত নহয়, দিল্লীৰ পৰাও দূৰত নহয়। এই কথাৰ প্ৰতি ধ্যান দি চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে নিৰন্তৰে প্ৰচেষ্টা চলাই আহিছে। তেওঁ বিগত কেইবছৰমানত এই ৰাজ্যসমূহৰ বিভিন্ন ক্ষেত্ৰত সংঘটিত হোৱা অভূতপূৰ্ব উন্নয়নৰ কথা উল্লেখ কৰে। কৃষি, উদ্যোগ, পৰিবহণ আৰু যোগাযোগ আদি বিভিন্ন ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্যসমূহে দেশৰ বিকাশৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে।
নজাকৎ চৌধুৰীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত তেওঁ উল্লেখ কৰিছিল যে কেনেদৰে তেওঁ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈছে আৰু তেওঁ অলপতে অসম ভ্ৰমণৰ পৰা উভতি আহিছে। প্ৰধানমন্ত্ৰীক বিশেষ ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে এই ভ্ৰমণ তেওঁৰ বাবে জীৱনজোৰা এক স্মৰণীয় অভিজ্ঞতা হৈ পৰিছে।পত্ৰখনৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে তাৱীৰ ভূমিৰ পৰা ব্ৰহ্মপুত্ৰৰ ভূমিলৈ এই যাত্ৰাই দেশৰ দুয়োখন ৰাজ্যক একত্ৰিত কৰা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীত নজাকৎ চৌধুৰীৰ উৎসাহী অংশগ্ৰহণ আৰু তেওঁৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন সঁচাকৈয়ে আনন্দদায়ক হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে অসম ৰাজ্য প্ৰকৃতি আৰু সংস্কৃতি উভয়েৰে সমৃদ্ধ ৷ পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে কয়, “বিহু উৎসৱৰ সময়ত অসমৰ বহুৰঙী সাংস্কৃতিক বৈভৱ প্ৰত্যক্ষ কৰা, বিশাল ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য দেখি থৰ হৈ ৰোৱা, বীৰ লাচিত বৰফুকন আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্বৰ বিষয়ে জনা আৰু মুগা ৰেছম, তেজপুৰৰ লিচু, জহা চাউল, বোকা চাউল আৰু কাজী নেমুৰ দৰে অনন্য সামগ্ৰী উপভোগ কৰা; এইটো সঁচাকৈয়ে এক অবিশ্বাস্য অভিজ্ঞতা। মই অসমৰ গামোচা বিশেষকৈ ভাল পাওঁ। ”
ভাৰতৰ বৈচিত্ৰ্যক ইয়াৰ বিশেষত্ব বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ বিভিন্ন সংস্কৃতি, ৰন্ধন-প্ৰণালী, ৰীতি-নীতি আৰু জীৱনশৈলী আছে, য’ত বিভিন্ন সম্প্ৰদায়ৰ লোকে, বিভিন্ন ধৰ্মৰ অনুগামীসকলে, বিভিন্ন ভাষা-ভাষীসকলে, বিভিন্ন ৰীতি-নীতি অনুসৰণ কৰে; তেওঁলোকে কেৱল একেলগে বাস কৰাই নহয়, বৰঞ্চপৰস্পৰে পৰস্পৰৰ বিবিধ জীৱনশৈলী উদযাপনো কৰে। আমাৰ ৰাষ্ট্ৰৰ এই স্বকীয়তাই সমগ্ৰ বিশ্বক আমাৰ প্ৰতি আকৰ্ষিত কৰিছে। বৈচিত্ৰ্যৰ প্ৰতি এই স্বাভাৱিক আৰু সহজাত প্ৰেমেই হ’ল আমাৰ প্ৰকৃত শক্তি আৰু ই আমাক বহু শতাব্দী ধৰি ঐক্যৱদ্ধ কৰি ৰাখিছে।
নজাকতে এই অনুভৱসমূহ তেওঁৰ বন্ধুবৰ্গৰ সৈতে ভাগ-বতৰা কৰিব আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনন্য আত্মা অনুভৱ কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে এনে ধৰণৰ প্ৰচেষ্টাই ৰাজ্য আৰু সংস্কৃতিক পৰস্পৰৰকাষ চপাই আনিছে আৰু দেশৰ ঐক্যতা শক্তিশালী কৰিছে।