আন্তৰাষ্ট্ৰীয় মাতৃ দিৱস উপলক্ষে ITC চানৰাইজ মচলাই ৰেড এফ এমৰ সহযোগত ১৪ মে’ত গুৱাহাটীস্থিত ৰুদ্ৰাক্ষ মলত আয়োজন কৰে “মাৰ হাতৰ সুবাস” শীৰ্ষক অনুষ্ঠানটিৰ।
১৪ মে’ত বিশ্বজুৰি উদযাপন কৰা হয় মাতৃ দিৱস। মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা হয় এই দিৱস। অপৰিসীম যন্ত্রণাকো নেওচি সন্তানক সেউজ পৃথিৱীৰ উমাল পৰশ দিয়াগৰাকীয়েই “মা”। জীৱনৰ একা বেঁকা বাটৰ কঠিন সময়কো প্ৰত্যাহ্বান জনাই সন্তানক দুবাহুৰে সাবটি লোৱাগৰাকীয়েই ‘মা। আৰু সেয়েহে মাতৃ দিৱসৰ এই শুভ দিনটোত মাতৃ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই “মাৰ হাতৰ সুবাস” শীর্ষক অনুষ্ঠানটিৰ আয়োজন কৰে চানৰাইজ পিউৰ মচলাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাষ্টাৰ চেফ ইণ্ডিয়া ২০২৩ ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ শান্তা পৱন শৰ্মা। অনুষ্ঠিত হৈছিল ৰন্ধন প্ৰতিযোগিতা। প্রতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ৰাখী পিঞ্চা, সুলক্ষণা দাস আৰু হিমাদ্রি ভট্টাচার্যই। বিজয়ী প্রতিযোগীসকলে লাভ কৰে চানৰাইজ পিউৰ মচলাৰ তৰফৰ পৰা আকৰ্ষণীয় উপহাৰ ।
ইয়াৰ লগতে অনুষ্ঠিত হৈছিল বিভিন্ন খেল ধেমালী আৰু মাষ্টাৰ চেফ ইণ্ডিয়া ২০২৩ ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ শান্তা পৱন শৰ্মাৰ সৈতে এক কথোপকথন অনুষ্ঠান। দৰ্শকৰ বিপুল সঁহাৰিয়ে এই অনুষ্ঠানটোক সফল কৰি তোলে।