আজিৰ পৰা ১০ বছৰ পূৰ্বে ২০১৩ চনৰ ১৮ মে’ত অসমৰ দুঃসাহসিক যুৱক তৰুণ শইকীয়াই পৃথিৱীৰ সৰ্বোচ্চ শিখৰ মাউন্ট এভাৰেষ্টত বিজয়ধবজা উৰুৱাই এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া হিচাবে পৰিগণিত হয় । তৰুণ শইকীয়াৰ লগতে একলগে যোৱা মনিষ কুমাৰ ডেকাই তাৰ ৪ দিন পিছত ২২ মে’ত এভাৰেস্টত বিজয় সাৰ্য্যস্ত কৰে। পৰৱৰ্ত্তী সময়ত নৱ কুমাৰ ফুকন, নন্দ দুলাল দাস, হেনৰী ডেভিদ টেৰণ, খৰছিং ইংতি আৰু কেলিফ’ৰ্নিয়া নিৱাসী প্ৰৱাসী অসমীয়া হাইদৰ আলীয়ে পৃথিৱীৰ সৰ্ব্বোচ্চ শিখষত ভবি দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোছা উৰুৱাই প্ৰতিজন অসমীয়াকে গৌৰৱান্বিত কৰিবলৈ সক্ষম হয়। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই তথ্য দাঙি ধৰি অসম ৰক এণ্ড স্পৰ্টছ এচোছিয়েচনৰ সভাপতি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় সেইবাবে ১৮ মে’ৰ দিনটো এভাৰেষ্ট দিৱস হিচাপে পালন কৰি অহা হৈছে। সিদিনা পুৱা ৬ বজাত দীঘলীপুখুৰীৰ পাৰৰ পৰা চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ এক সামূহিক দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
তৰুণ শইকীয়াৰ লগতে অসমৰ পৰ্বতাৰোহী সকলৰ এই যুগান্তকাৰী সফলতা চিৰস্মৰণীয় কৰি ৰখাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি অসমীয়া যুৱক যুৱতী সকলক আগ্ৰহী কৰিবৰ নিমিত্তে অনুষ্ঠিত হবলগীয়া এই সামুহিক দৌৰ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৫ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মহিলা পর্বতাবোহী পদ্মশ্ৰী আনচু জেমচেনপা। লগতে এই দৌৰ কাৰ্যসূচীত ভাগ লব অভিলেখ সৃষ্টিকাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাতোৰবিদ এলভিছ আলী হাজৰিকাই। এই দৌৰত সহযোগ কৰিব অসম পুলিছৰ দল, স্থানীয় মহাবিদ্যালয়, এন চি চি দল আদিয়ে।
ইয়াৰ উপৰিও বিয়লি ৪ বজাত গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত অসমীয়া এভাৰেষ্ট আৰোহনকাৰী সকলৰ হৈতে তেওঁলোকৰ দু:সাহসিক অভিযানৰ বিষয়ে স্মৃতিচাৰণ তথা এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হব। এই অনস্থানত অভিজ্ঞ পৰ্বতাৰোহী, ক্রীড়াবিদ সকলৰ লগতে আন আন বিশিস্ট ব্যক্তি সকলে ভাগ ল’ব বুলি কলিতাই সদৰি কৰে। সংবাদ মেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি তথা এভাৰেষ্ট বিজয়ী মনীষ কুমাৰ ডেকা, উপ সভাপতি বিপুল পাঠক, সাধাৰণ সম্পাদক দেৱপ্ৰতীম লহকৰ , যুটীয়া সম্পাদক অৰূপজ্যোতি চৌধুৰী উপস্থিত থাকে।