নগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ন ন তথ্য আহি পৰিছে। বৃহস্পতিবাৰে প্ৰকাশ পাই জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে এয়া এক পৰিকল্পিত নৃশংস হত্যা বুলি প্ৰতিপন্ন হোৱাৰ দিশে আগবাঢ়িছে। চিকিৎসকে দাখিল কৰা প্ৰতিবেদন অনুসৰি জোনমণিয়ে মূৰৰ পিচফালে আঘাত পাইছিল। এই আঘাতৰ ফলত মগজুৰ ৰক্তাক্ষৰণ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই জোনমণিৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ লগতে শৰীৰৰ অন্য ঠাইতো আঘাতৰ চিন স্পষ্ট হৈ আছে। বিভিন্ন ঠাইৰ হাড় ভঙা আছে। অৱশ্যে বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে ইয়াৰ ওপৰত কোনো মন্তব্য কৰা নাই।
উল্লেখ্য যে, ১৫ মে’ পুৱতি নিশা জখলাবন্ধাত জোনমণি ৰাভা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰা বুলি প্ৰচাৰ হোৱাৰ পাছৰ পৰাই ৰহস্য অব্যাহত আছে। বহুতে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। ইয়াৰ মাজতে প্ৰণৱ দাস নামৰ এগৰাকী যুৱকে দাবী কৰে যে তেওঁ দেখা পাইছে এই সমগ্ৰ ঘটনা। সেইদিনা ৰখাই থোৱা গাড়ী এখনতহে খুন্দা মাৰিছিল ট্ৰাকে। তাৰ পাছতে নগাঁও আৰক্ষীৰ এজন গাড়ী চালকে দাবী কৰিছিল যে জোনমণিক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। ইয়াৰোপৰি আৰু বহু বিস্ফোৰক তথ্য প্ৰদান কৰিছিল তেওঁ।
ইতিমধ্য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে যদিহে চিআইডিৰ তদন্তত সন্তুষ্ট নহয়, তেন্তে পৰিয়ালে বিচাৰিলে জোনমণিৰ মৃত্যুৰ তদন্ত চিবিআইয়ে কৰিব।