দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিচিত অসম সন্তান অম্লান বৰগোহাঁইৰ আন এক সফলতা। ৰাছীত অনুষ্ঠিত হোৱা ২৬ সংখ্যক নেশ্যনেল ফেডাৰেশ্যন কাপৰ ২০০ মিটাৰতসোণৰ পদক লাভ কৰে।
Amlan Borgohain of Assam wins 200m gold at Fed Cup. pic.twitter.com/QpWJUSPzGz
— Athletics Federation of India (@afiindia) May 18, 2023
উল্লেখ্য যে, ৰিলায়েঞ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ২৬ সংখ্যক নেশ্যনেল ফেডাৰেশ্যন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ যোৱা ১৫ মে’ৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে।
বৃহস্পতিবাৰে অন্তিম দিনটোত অনুষ্ঠিত হোৱা এই ২০০ মিটাৰ প্ৰতিযোগিতাত অম্লানে ২০.৮৩ ছেকেণ্ড সময় লৈ এই সাফল্য অৰ্জন কৰিছে। উল্লেখ্য যে, অম্লান বৰগোহাঁইৰ নামতে আছে ২০০ মিটাৰত ৰাষ্ট্ৰীয় ৰেকৰ্ড। তেওঁ পূৰ্বে ২০২২ ত ২০.৫২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি এই ৰেকৰ্ডৰ অধিকাৰী হৈছিল। অম্লান বৰগোহাঁইৰ এই সাফল্যই অধিক আশবাদী কৰি তুলিছে অসম এথলেটিকছ সন্থাৰ যুটীয়া সম্পাদক তথা প্ৰশিক্ষক নিপন দাসক।