আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি অবিহনে মুখ খুলিব নোৱাৰিব জিলা পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে। অৰ্থাৎ সংবাদ মাধ্যম বা ৰাজহুৱা স্থানত ভাষ্য দিয়াৰ পূৰ্বে অধিক সাৱধানতা অৱলম্বন কৰাৰ সৈতেই আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতিও গ্ৰহণ কৰিব লাগিব আৰক্ষী বিষয়াসকলে। বিশেষকৈ আৰক্ষীৰ ‘পলিচি’ সমূহৰ সন্দৰ্ভত জাৰী কৰা হৈছে এই নিৰ্দেশনা। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰী হোৱা এই নিৰ্দেশনাই এতিয়া বহন কৰিছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি আৰু ভাষ্যই সময়ে সময়ে সকলোকে দিকভ্ৰান্ত কৰি অহা দেখা গৈছিল। যি হয়তো পৰিকল্পিত অথবা অপৰিকল্পিত, কিন্তু ই পৰৱৰ্তী সময়ত তদন্তত আউল লগোৱাৰ সম্পূৰ্ণ সম্ভাৱনীয়তা বহন কৰিছিল। যাৰ বাবেই এই সিদ্ধান্ত অতিকৈ গুৰুত্বপূৰ্ণ আছিল অসম আৰক্ষীৰ বাবে।
কিন্তু একে সময়তেই এনেদৰে প্ৰকাশ হোৱা ভাষ্যবোৰে আকৌ জোনমণি ৰাভাৰ মৃত্যুৰ ন ন দিশো উন্মোচন কৰি দিছিল। সংবাদ মাধ্যমৰ নিজা প্ৰচেষ্টাত বিচাৰি উলিওৱা হৈছিল প্ৰত্যক্ষদৰ্শীৰূপে দাবী কৰা প্ৰণৱ দাসক। সমগ্ৰ ৰাইজক মৃত্যুৰ তদন্তৰ সকলো তথ্য যোগান ধৰিছিল সংবাদ মাধ্যমে। তাৰ মাজতেই নগাওঁ সদৰ থানাৰ কৰ্মচাৰী এগৰাকীৰ ফোনকল এটি প্ৰচাৰ হোৱাৰ পাছত অধিক বিভ্ৰান্তিৰ সৃষ্টি হৈছিল শেহতীয়াকৈ। এই সকলো দিশলৈ লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধানৰ এই সিদ্ধান্তই পৰৱৰ্তী পৰ্যায়ত যিকোনো সিদ্ধান্ত পৰিপাটিকৈ আৰু খৰতকীয়াকৈ ল’বলৈ সক্ষম হ’ব বুলি আশাবাদী সকলো।