নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ক্ৰমে লীনা দলে আৰু বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ সিদ্ধান্ত লৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দিয়া এক নতুন নিৰ্দেশনাত এই কথা প্ৰকাশ। ইয়াৰ ওপৰিও জোনমণি ৰাভাৰ মৃত্য়ুৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতলৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে।
উল্লেখ্য যে, ১৯ মে’ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা জাৰী কৰা হৈছিল আন এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ নিৰ্দেশত চাৰিগৰাকীকৈ আৰক্ষী বিষয়াক হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছিল তাৎক্ষণিক ৰূপত। এই নিৰ্দেশাৱলীৰ পাছত চি আই ডি জৰুৰীকালীন সংবাদ মেলৰ আয়োজনে সূচাইছিল যে, সমগ্ৰ ঘটনাটিত গুৰুত্ব আৰোপ কৰাৰ থল আছিল। আৰু তাৰ পাছতেই সংবাদ মেলৰ আধাঘন্টা পূৰ্বে অহা বদলিৰ নিৰ্দেশে এই সম্ভাৱনাক আৰু অধিক দৃঢ় কৰিব বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে।