মহানগৰীত জাৰি কৰা হৈছে ১৪৪ ধাৰা। অসম আৰক্ষীৰ ব্যাপক ৰদ-বদলৰ পিছত এইবাৰ মহানগৰ আৰক্ষী বিভাগৰ বিশেষ নিৰ্দেশনা। শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনাৰ। মহানগৰীত ৫ জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ মহানগৰ আৰক্ষীৰ।
ধৰ্ণা কাৰ্যসূচী, প্রতিবাদী সমদল উলিওৱাতো বাধা আৰোপ আৰক্ষীৰ। শান্তি-শৃংখলা, যান-জঁট সমস্যা সমাধানৰ বাবে এই নিৰ্দেশনা আৰক্ষীৰ। উল্লেখ্য যে, নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে।