গুৱাহাটীৰ খাৰঘুলিত ২৫ মে’ত হোৱা জল বিস্ফোৰণৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ ঘটনাটোত এগৰাকী মহিলা নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈ চিকিৎসাধীন হব লগা হোৱা আৰু ১৬ টাকৈ বাসগৃহ, বহু যান-বাহনকে ধৰি সা- সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে। ইয়াৰ মাজতে শুক্ৰবাৰে সন্ধিয়াৰ ভাগত অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত দলৰ এটা সজাতি দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰে।
বিধায়ক কলিতাক সংগ দিয়ে অগপ দলৰ উপ সভাপতি সুনীল ডেকা , অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইকে ধৰি দলৰ কেবাজনো কৰ্মকৰ্তা – সদস্যই। আনহাতে পৰিদৰ্শনৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক বিধায়ক কলিতাই নিহত মহিলা গৰাকীক আৰ্থিক ক্ষতিপুৰণ দিয়া, ধ্বংস হোৱা বাসগৃহ সমুহ নিৰ্মাণ কৰাৰ বাবে ধনৰ আবণ্টনৰ ব্যৱস্থা শীঘ্ৰে আৰম্ভ কৰিবলৈ আহবান জনায়। সমান্তৰালভাবে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দিয়াৰ লগতে গুৱাহাটী মহানগৰীত বৰ্তমান চলি থকা পাইপ পোতাকে ধৰি খোৱাপানী যোগানৰ কাম সমুহ সঠিকভাবে হৈছে নে নাই তাৰ এক বিজ্ঞান সন্মত জৰীপ আৰু অধ্যয়নৰ ব্যৱস্থা গ্ৰহণৰ বাবে আই আই টি, গুৱাহাটী নাইবা তেনে ধৰণৰ কাৰিকৰী প্ৰতিষ্ঠানক ডেইটা দিবলৈ বিধায়ক কলিতাই চৰকাৰক আহ্বান জনায়।