গুৱাহাটী মহানগৰীৰ জালুকবাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাই গৈছে। ৭ জনকৈ সম্ভাৱনাময় যুৱকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। তদুপৰি ৬ জনকৈ লোক বৰ্তমানো চিকিৎসাধীন। তাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, নিশা প্ৰায় ১ বজাত পশ্চিম শাখাৰ আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। তথ্য অনুসৰি, এ এচ ০১ এফ কে ৯৬০৫ নম্বৰৰ স্কৰপিঅ’ বাহনখনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১০জন যুৱকে চানডুবিৰ পৰা উভতি আহি আছিল। তেনে সময়তেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইদাৰত খুন্দা মাৰে আৰু পৰৱৰ্তী সময়ত ডিভাইদাৰ পাৰ হৈ আনটো দিশত থকা এ এচ ০১ জি চি ৮৮২৯ নম্বৰৰ ব’লেৰ’ পিক আপ ভানখনত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ প্ৰাবল্য ইমানেই গুৰুতৰ আছিল যে, স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱক দুৰ্ঘটনাস্থলীতেই থিতাতে নিহত হৈছিল আৰু আন তিনিজনক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে, স্ক’ৰপিঅ’খনে খুন্দা মৰা বলেৰ’ পিকআপ ভানখনত থকা চালক-হেন্দিমেনসহ ৩ জনকৈ লোকো চিকিৎসাধীন অৱস্থাত আছে। তথ্য অনুসৰি, স্ক’ৰপিঅ’খনত থকা আটাইকেইজন যুৱক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল। ভাৰা কৰি অনা স্ক’ৰপিঅ’খনেৰে চানডুবিলৈ যোৱাৰ সন্দেহ আৰক্ষীৰ। দুৰ্ঘটনাটিত নিহত দুৰ্ভগীয়া ছাত্ৰসকল হ’ল – গুৱাহাটীৰ সাতগাঁওৰ প্ৰগতি নগৰৰ অৰিন্দম ভাল্লাল, মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, গোলাঘাটৰ নুমলিগড়ৰ নিয়ৰ ডেকা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, ডিব্ৰুগড়ৰ নিজামখাট্টাৰ ইমন গায়ন, চৰাইদেউৰ মাহমৰাৰ কৌশিক মোহন আৰু নগাওঁৰ উপাংশু শৰ্মা।
আনহাতে, বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা লোককেইজন হ’ল – যোৰহাটৰ মৌবান্ধাৰ অৰ্পন ভূঞা, বঙাইগাওঁৰ অভয়াপুৰীৰ অৰ্ণৱ চক্ৰৱৰ্তী, যোৰহাটৰ কেন্দুগুৰিৰ মৃণ্ময় বৰা, নলবাৰীৰ মুকালমুৱাৰ মোজাম্মিল হক, নলবাৰীৰ মুকালমুৱাৰ ইউচুফ আলি আৰু বৰপেটাৰ ৰাজীৱ আলি।