সত্ৰীয়া, শাস্ত্ৰীয় নৃত্যকে ধৰি অসমৰ পৰম্পৰাগত সংস্কৃতি সমুহ নতুন প্ৰজন্মৰ বাবে শুদ্ধ ৰূপত উপস্থাপন কৰাৰ লক্ষ্যৰে ২০২২ চনৰ ২৭ মে’ত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী তুলিকা ভূঞা বৰুৱাৰ বিশেষ উদ্যোগত গঢ় লৈ উঠা তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই যোৱা ২৭ মে’ত এবছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে ২৭ মে’ত বিয়লি ৫ বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কলাকেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নৃত্যাচাৰ্য , পদ্মশ্ৰী যতীন গোস্বামীয়ে।
আনহাতে এই উপলক্ষে কলা কেন্দ্ৰৰ অধ্যক্ষা তুলিকা ভূঞা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত যতীন গোস্বামীয়ে কেন্দ্ৰৰ উজ্জ্বল ভবিষ্যত কামনা কৰি শিক্ষাৰ্থী সকলক উদ্দেশ্যি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত বায়নাচাৰ্য, পদ্মশ্ৰী ঘনকান্ত বৰা, অভিনেত্ৰী মৃদুলা বৰুৱা, গোপাল কৃষ্ণ গোস্বামী, অনিতা শৰ্মাকে ধৰি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত বহু বিশিষ্ট লোক, শিক্ষাৰ্থীসকলৰ অভিভাৱক উপস্থিত থাকে। দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পৰা নিশা প্ৰায় ৮ বজালৈ কলা কেন্দ্ৰৰ অধ্যক্ষা তুলিকা ভূঞা বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কাৰ্যসূচীত কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলে নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।