শিৱসাগৰ চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। চহৰখনৰ হাস্পতাল ৰোডৰ ‘অৰুণছ’ নামৰ কাপোৰৰ বিপণীখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে বিপণীখন আৰু বিপণীখনৰ গাতে লাগি থকা আন এটা বিল্ডিং সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নিশা প্ৰায় ১০.৪৫ বজাত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। প্ৰায় ২.৩০ বজাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে। শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ কৰা হৈছে। সৌভাগ্যক্ৰমে বিপণীখনৰ কৰ্মচাৰীসকল ৰক্ষা পৰে যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ কোটি টকাৰ সা–সামগ্ৰী ভস্মীভূত হয়।
শিৱসাগৰৰ উপৰিও যোৰহাট, মৰাণ আদিৰ পৰা অনা ২০খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত নিশা ২.৩০ বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। নিশাই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে।