SCERT ৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ সন্দৰ্ভত আজি পুনৰ CM ভিজিলেন্সলৈ সাংবাদিক পূজা দাস। সাংবাদিকগৰাকীৰ লগতে মাইনা শইকীয়া ওৰফে অনুপ শইকীয়াকো তলব কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, CM ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হোৱা RTI কৰ্মী ৰবিজিত গগৈৰ বন্ধু অনুপ শইকীয়া। CM ভিজিলেন্সৰ এই তলবৰ পিছতেই অতি শীঘ্রেই গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা বহু সংবাদকৰ্মী তথা RTI কৰ্মী।
উল্লেখ্য যে, কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাই জেৰাত এই সকল লোকৰ নাম লৈছিল। সম্প্রতি কেন্দ্রীয় কাৰাগাৰত আছে শেৱালি দেৱী শৰ্মাসহ ঘটনাৰে জড়িত ৯ গৰাকীকৈ অভিযুক্ত। আনহাতে সোমবাৰ আৰু আজিৰ দিনটোত তলব কৰা সাংবাদিক পূজা দাসে মাতৃৰ একাউণ্টত কেইবা লাখ টকা লোৱাৰ তথ্য লাভ কৰিছে চিএম ভিজিলেন্সে।
ঘটনাৰে নাম সাঙোৰ খাইছে সংবাদকৰ্মী, আৰটিআই কৰ্মীক মেনেজ কৰা এছ চি ই আৰ টিৰ প্রাক্তন উপ-সঞ্চালকৰ। লক্ষ্মী নাৰায়ণ সোণোৱাল নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে আছে এই অভিযোগ। তদুপৰি সোমবাৰৰ দিনটোত বঙাইগাঁও ডাইট কেন্দ্রৰ আন্তঃগাঁথনিৰ নামত লুণ্ঠন কৰাৰ অভিযোগত তলব কৰা হৈছিল প্ৰতিষ্ঠানটোৰ প্ৰধান দীপক কুমাৰ তালুকদাৰক।