ভাৰতীয় ৰেলৱেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনিৰ্ভৰ ভাৰত” কাৰ্যসূচীৰ অধীনত সম্পুৰ্ণ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা “বন্দে ভাৰত” এক্সপ্ৰেছ অবশেষত গুৱাহাটী আহি পাইছে। মূলতঃ পৰ্যটকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱেই দেশৰ প্ৰধান চহৰ সমূহক বন্দে ভাৰত এক্সপ্ৰেছ নামৰ বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা ৰেলখনৰে গুৱাহাটীক সংযোগ কৰাৰ পাছত নিশ্চিতভাৱে পৰ্যটকক আকৰ্ষণ কৰাৰ লগতে এক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগত অষ্টলক্ষ্মী হিচাপে অভিহিত কৰি অহা উত্তৰ পূবৰ অন্যতম বাণিজ্যিক চহৰ গুৱাহাটীৰ সৈতে চুবুৰীয়া পশ্চিমবংগৰ আন এখন বাণিজ্যিক চহৰ নিউ জলপাইগুৰীৰ সৈতে সোমবাৰৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰে সংযোগ কৰা হয়।
শুক্ৰবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ পৰা দূপৰীয়া চাৰে বাৰ বজাত ভাৰ্চুৱেলি ব্যৱস্থাৰে গুৱাহাটীক জলপাইগুড়ীৰ সৈতে সংযোগ কৰা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰিও প্রধানমন্ত্ৰীয়ে ৯১.০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ বঙাইগাঁও – দুধনৈ – মেন্দিপধাৰ আৰু ৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী – চাপৰমুখ নৱনিৰ্মিত বৈদ্যুতিকৰণ কৰা খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে । তেনেদৰে শেহতীয়াকৈ লামডিঙত নিৰ্মাণ কৰা এটা নতুন ডেমু/মেমু শ্বেড উদ্বোধন কৰে। আনহাতে গুৱাহাটী ৰেল ষ্টেচনত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া; অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল, যোগাযোগ আৰু ইলেক্ট্রনিকছ ও তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ ও আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্রীয় গৃহ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিশিখ প্রামানিক, অসম চৰকাৰৰ পৰিবহন, মীন পালন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ক্ৰমে – কুইন ওজা , কামাখ্যা প্রসাদ তাচা , পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে সদৰ কাৰ্যালয় আৰু ৰেলৱেৰ অন্যান্য মণ্ডলৰ জ্যেষ্ঠ বিষয়াবর্গও গুৱাহাটী ষ্টেচনত উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্রদান কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – উত্তৰ-পূৰ্ব্বাঞ্চলৰ যোগাযোগৰ দিশত আজি এটা গুৰুত্বপূৰ্ণ দিন। কিয়নো তিনিটা উন্নয়নমূলক কাম একেলগে সম্পূর্ণ হৈছে। গুৱাহাটী-নিউ জলপাইগুড়ী বন্দে ভাৰত ৰে’লে অসম আৰু পশ্চিম বংগৰ মাজত শতাব্দী প্রাচীন সম্পর্ক অধিক শক্তিশালী কৰিব। এই ৰেল সেৱাই ভ্ৰমণৰ সুগমতা বৃদ্ধি কৰিব আৰু শিক্ষাৰ্থীসকলক বৃহৎ লাভালাভ প্ৰদান কৰিব । পর্যটন আৰু ব্যৱসায়ৰ পৰিণামস্বৰূপে সৃষ্টি হোৱা কর্মসংস্থানৰ সুযোগ বৃদ্ধি কৰিব। এই বন্দে ভাৰতে মা কামাখ্যা মন্দিৰ, কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ সংযোগ প্ৰদান কৰিব। এই ৰেলসেৱাই শ্বিলং, মেঘালয়ৰ চেৰাপুঞ্জি আৰু অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পাছিঘাটড ভ্ৰমণ আৰু পৰ্যটন বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে। উল্লেখযোগ্য যে মঙলবাৰৰ বাহিৰে সপ্তাহত ছয়দিন গুৱাহাটী-নিউ জলপাইগুড়ী বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখনৰ সেৱা উভয় দিশৰ পৰাই পৰিচালিত হ’ব। বন্দে ভাৰত এক্সপ্ৰেছ ৩১ মে’ৰ পৰা নিউ জলপাইগুড়ীৰ পৰা পূৱা ৬.১০ বজাত যাত্ৰা আৰম্ভ কৰি দূপৰীয়া ১১.৪০ বজাত আহি গুৱাহাটী ৰেল ষ্টেচন পাব।
তেনেদৰে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বিয়লি ৪.৩০ যাত্ৰা আৰম্ভ কৰি নিশা ১০ বজাত বজাত গৈ নিউ জলপাইগুড়ী ৰেল ষ্টেচনত উপস্থিত হব। উভয় দিশৰ যাত্ৰাৰ সময়ত ৰেলখনত কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপূৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্টপেজ থাকিব। ৰে’লখনে গুৱাহাটী আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰৱেশদ্বাৰ নিউ জলপাইগুড়ীৰ মাজত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰিব । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণব , কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিখিথ প্ৰামাণিক , মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাযো চমু ভাষণত গুৱাহাটীক বন্দে ভাৰত এক্সপ্ৰেছৰে সংযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।