ঐতিহাসিক ৰাণী ৰাজ্যৰ ৰাজধানী পাটগাঁও ৰাজহুৱা নামঘৰত ৰবিবাৰে এখন সভা অনুষ্ঠিত হৈ যায়। পাটগাঁও ৰাইজ সমিতিয়ে আয়োজন কৰা সভাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক ৰাজহুৱাভাৱে এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰে তিনিগৰাকী হাইস্কুল শিক্ষান্ত আৰু দুজন উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী। পাটগাঁৱৰ ৰাজহুৱা নামঘৰ তথা লাঙামাৰা মন্দিৰত পোনপ্ৰথমবাৰৰ বাবে এইদৰে পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটগাঁও ৰাইজ সমিতিৰ সম্পাদক ভূৱনেশ্বৰ স্বৰ্গীয়াৰী, সভাপতি প্ৰদীপ বসুমটাৰী, সহকাৰী সম্পাদক ক্ৰমে গোবিন্দ বসুমটাৰী, হৰকান্ত দৈমাৰীৰ লগতে কাহিকঁছি গাঁও পঞ্চায়তৰ অঞ্চলটোৰ ৱাৰ্ড সদস্য অজিত কছাৰী উপস্থিত থাকে। আনহাতে পাটগাঁও নিবাসী তথা অঞ্চলটোৰ এজন জেষ্ঠ ব্যক্তি বিপিন বসুমটাৰী সভাত উপস্থিত থকাৰ লগতে সভাৰ আসন শুৱনি কৰে।
তেখেতৰ ভাষণ প্ৰসংগত কয় – পৰীক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ভৱিষ্যতে সমাজলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। পাটগাঁৱৰ সচেতন যুৱক কন্দৰ্প বড়োৱে কয় – পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যতে ভাল ফলাফল পাবলৈ হ’লে কষ্ট কৰিব লাগিব আৰু অভিভাৱকসকলে গুৰুত্ব প্ৰদানৰ লগতে নিজ ঘৰত পঢ়াৰ পৰিবেশ গঢ় দিব লাগিব। ভৱিষ্যতে অকল নম্বৰ পাম বুলি পঢ়িলেই নহ’ব। জ্ঞান অৰ্জনৰ বাবেও পঢ়িব লাগিব। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক ভূৱনেশ্বৰ স্বৰ্গীয়াৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী পৰীক্ষাৰ্থী ক্ৰ’মে হিমাশ্যী কছাৰী প্ৰথম, সোনমণি বসুমটাৰী দ্বীতীয়, ৰোহিত বড়ো দ্বীতীয় বিভাগ উত্তীৰ্ণ হয়। আনহাতে উচ্চতৰ মাধ্যমিকৰ দুগৰাকী ছাত্ৰী ক্ৰমে পূজা বড়ো প্ৰথম, নম্ৰতা কছাৰী দ্বীতীয় বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়।