ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে আজি দিল্লী আৰক্ষীয়ে দাখিল কৰিলে ১০০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট।
কোনো ধৰণৰ উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবে আৰক্ষীয়ে পকচো গোচৰটো ক্লজ কৰিবলৈ আৰক্ষীয়ে আবেদন দাখিল কৰিছে। চৰকাৰী অধিবক্তাই কয় যে, আৰক্ষীয়ে ব্ৰীজভূষণৰ ওপৰত থকা পকচো আইনৰ গোচৰটো বাতিল কৰিবলৈ প্ৰতিবেদন দাখিল কৰিছে। এই সন্দৰ্ভত ৪ জুলাইত শুনানি হ’ব। এই গোচৰটো বাতিল কৰিবলৈ প্ৰায় ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে আৰক্ষীয়ে।
এক বিবৃতিত কোৱা হয় যে, “মল্লযোদ্ধাসকলে পঞ্জীয়ন কৰা এজাহাৰখনৰ সন্দৰ্ভত তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অভিযুক্ত ব্ৰজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ধাৰা ৩৫৪, ৩৫৪ এ, ৩৫৪ডি আই পি চিক অধীনত আৰু অভিযুক্ত বিনোদ তোমাৰৰ বিৰুদ্ধে ১০৯./৩৫৪এ/৫০৬ আইপিচিৰ অধীনত অভিযোগনামা দাখিল কৰা হৈছে।
উল্লেখ্য যে, যোৱা এপ্ৰিল মাহৰ পৰাই দিল্লীত একাংশ মল্লযুঁজাৰুয়ে ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। ৭ গৰাকীকৈ মল্লযুঁজাৰুয়ে তেওঁৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী নাবালিকাও আছে।