- বিতৰ্কিত শিখা শৰ্মাক আটক দিছপুৰ আৰক্ষীৰ।
- ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথৰ সন্দৰ্ভত দিছিল আপত্তিজনক মন্তব্য।
- হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী নাথৰ চৰিত্ৰক লৈ কৰিছিল প্ৰশ্ন।
- এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ।
- শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল ৰাজ্যিক মহিলা আয়োগেও।
- এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে লিখিছিল পত্ৰ।
- আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ।
- আটক হোৱা শিখা শৰ্মাক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব দিছপুৰ আৰক্ষীয়ে।