বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি এক চাফ-চিকুণমূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্লাষ্টিক ব্যবহাৰ বৰ্জন কৰাৰ উদেশ্যৰে এই সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। তদুপলক্ষে বিমানকোঠৰ পাৰ্কিংৰ পৰা লৈ শিৱমন্দিৰ প্ৰাংগনৰলৈকে এই চাফ-চিকুণ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই অনুষ্ঠানৰ নেতৃত্ব দিয়ে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।
বৰুৱাই সকলোকে উদেশ্যি কয় যে ‘ আমি আৰম্ভনিৰে পৰা বিমানকোঠৰ চৌহদ আৰু কাষৰীয়া ঠাইসমূহৰ পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছো। তাৰ বাবে প্ৰায় দুমাহৰ মূৰে-মূৰে আমি চাফ – চিকুণ কাৰ্যসূচী ৰূপায়ণ কৰি থাকো। আমাৰ উদেশ্য হৈছে বিমানকোঠৰ চৌহদৰ পৰা লৈ কাষৰীয়া ঠাইসমূহো যেন প্ৰাষ্টিক ব্যবহাৰৰ পৰা মুক্ত থাকে আৰু বিমানকোঠটো প্ৰদূষণ মুক্ত হৈ থকাত আমি গুৰুত্ব আৰোপ কৰিছো। উত্তৰ-পূৰ্বাঞ্চললৈ ভ্ৰমনৰ বাবে অহা বিভিন্ন দেশৰ যাত্ৰীসকলে যেন এক সুন্দৰ অভিজ্ঞতা লগত লৈ যাব পাৰে তাৰবাবে আমি সজাগ আৰু সচেতন।” লগতে তেখেতে বিমানকোঠলৈ অহা যাত্ৰীসকলকো প্লাষ্টিক ব্যবহাৰ নকৰিবলৈ অনুৰোধ জনাই।
উল্লেখযোগ্য যে, ভিস্তাৰা বিমানসেৱাই এই কাৰ্যসূচীৰ উদ্যোগ লৈছিল। ভিস্তাৰা বিমানসেৱাৰ কৰপ’ৰেট সামাজিক দায়বদ্ধতা বিভাগৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিমানকোঠৰ প্ৰায়সংখ্যক বিষয়-ববীয়াৰ লগতে গুৱাহাটী বিমানকোঠৰ ভিস্তাৰা বিমানসেৱাৰ কাৰ্যকৰী বিষয়া প্ৰণয় ৰয়ো উপস্থিত আছিল। লগতে গুৱাহাটী বিমানকোঠৰ বহুকেইজন জেষ্ঠ বিভাগীয় বিষয়াই এই কাৰ্যসূচীত ভাগ লয়।