‘মিছন লাইফ’ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি, ‘বিশ্ব পৰিৱেশ দিৱস, ২০২৩’ উদযাপনৰ সৈতে সংগতি ৰাখি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ গুৱাহাটীৰ ‘সংহত আঞ্চলিক কাৰ্যালয়’(আইআৰঅ)-এ শুক্ৰবাৰো কামৰূপৰ ‘বাগিবাৰী উচ্চ বিদ্যালয়. সোণাপুৰ’ত ‘মিছন লাইফ’ প্ৰসংগত এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাত মুঠ ১৫০ গৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোত আদৰণিমূলক ভাষণ প্ৰদান কৰে গুৱাহাটীৰ ‘আইআৰঅ’’ৰ বিজ্ঞানী-(এফ) ড০ সুব্ৰত বসুৱে। ড০ বসুৱে পৰিৱেশক সহযোগিতা আগবঢ়োৱা ‘মিছন লাইফ’ৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ এক উন্নত ভৱিষ্যতৰ বাবে পৰিৱেশ সুৰক্ষাত সহায় কৰাৰ বাবে শিক্ষাৰ্থীসকলৰ ভূমিকাৰ বিষয়েও বহলাই কয়। তাৰ পিছতে গুৱাহাটীৰ ‘আইআৰঅ’’ৰ ‘গৱেষণা বিষয়া’ থৌদাম জেমছ সিঙে দৈনন্দিন জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ গুৰুত্ব সম্পৰ্কে এক চমু ভাষণ প্ৰদান কৰে।তেওঁ এক উন্নত ভৱিষ্যত গঢ়ি তোলাৰ বাবে বন সংৰক্ষণ, সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনাত শিক্ষাৰ্থীসকলৰ অৱদানৰ বিষয়েও বক্তব্য আগবঢ়ায়।
গুৱাহাটীৰ ‘আইআৰঅ’’ৰ বিজ্ঞানী-(ই) আৰু কাৰ্যালয়ৰ মুৰব্বী হেমেন হাজৰিকাই পৰিৱেশ, জলবায়ু পৰিৱৰ্তন আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এক বিতং ভাষণ প্ৰদান কৰে। ড০ হাজাৰিকাই ‘চিঅ’পি২৬’ আৰু জলবায়ু পৰিৱৰ্তনৰ গোলকীয় সমস্যাসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ গোলকীয় জলবায়ু পৰিৱৰ্তনৰ লগতে বৰ্তমান সময়ত চলি থকা পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যকলাপৰ ফলত জীৱনৰ উৎপত্তি আৰু ইয়াৰ ক্ৰমান্বয়ে বিলুপ্তিৰ বিষয়ে বৰ্ণনা কৰে।
পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ পিছত, শিক্ষাৰ্থীসকলৰ মাজত তেওঁলোকৰ ঘৰত ৰোপণ কৰাৰ বাবে ২০০ টা স্থানীয়ভাৱে উপলব্ধ গছপুলি বিতৰণ কৰা হয়।
‘বিশ্ব পৰিৱেশ দিৱস’ উদযাপনৰ অংশ হিচাপে ‘সংহত আঞ্চলিক কাৰ্যালয়’ (আইআৰঅ),গুৱাহাটীয়ে ১৪ জুন ২০২৩ তাৰিখে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ হাহাৰা চৰকাৰী এম.ভি. স্কুল, সোণাপুৰত এক শ্ল’গান লিখন প্ৰতিযোগিতাৰো আয়োজন কৰিছিল। ‘মিছন লাইফ’ (পৰিৱেশৰ বাবে জীৱনশৈলী)ৰ বিভিন্ন দিশ সন্দৰ্ভত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাখনত মুঠ ১০০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।
গুৱাহাটীৰ ‘আইআৰঅ’’ৰ বিজ্ঞানী(ই) কাৰ্যালয়ৰ মুৰব্বী ড০ হেমেন হাজৰিকাই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰৰ বিশ্বজোৰা পদক্ষেপ ‘মিছন লাইফ’ৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে এক বিস্তৃত ভাষণ প্ৰদান কৰে। ড০ হাজৰিকাই এক স্বাস্থ্যকৰ আৰু পৰিৱেশ-অনুকূল পৰিৱেশ গঢ়ি তোলাত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।