গুৱাহাটীৰ দীপৰ বিলৰ পৰা কিছু নিলগত থকা আৰু গড়চুকৰ কাষৰীয়া দাকিনী পাহাৰত থকা ঐতিহাসিক ভীমাশংকৰ মন্দিৰ চৌহদটোক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু অসম পৰ্যটন উন্নয়ন নিগমে (ATDC) সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা ঘোষণাক আদৰণি জনাইছে ভীমাশংকৰ দ্বাদশ দাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম ন্যাস পৰিচালনা সমিতিয়ে। এটা বিবৃতিত পৰিচালনা সমিতিৰ সভাপতি সনেশ টেৰণ, উপ সভাপতি উত্তম টেৰণ, সম্পাদক হেনৰী ডেভিদ টেৰণ আৰু সহকাৰী সম্পাদক সুশীল টেৰণে কয় – পর্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ১৬ জুনত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ কেবাজনো উচ্চপদস্থ বিষয়াক লগতে লৈ মন্দিৰ চৌহদ পৰিদৰ্শন কৰি অভাৱ – অভিযোগৰ বুজ লোৱাৰ লগতে পৰিচালনা সমিতিৰ সৈতেও মন্দিৰ চৌহদৰ উন্নয়ন , পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ। কৰা সন্দৰ্ভত বিশদ আলোচনা কৰিছে।
পৰিচালনা সমিতিৰ সৈতে পুৱাৰে পৰা হৈ থকা কিনকিনীয়া বৰষূণক নেওচিও কৰা পৰিদৰ্শন কালত মন্ত্ৰী বৰুৱাই দাকিনি পাহাৰত থকা গণেশ মন্দিৰ, দ্বাদশ জ্যোতির্লিংগকে ধৰি সমগ্ৰ মন্দিৰৰ সা – সুবিধা, অসুবিধা সমূহৰ বুজ লয়। বিশেষকৈ নয়নাভিৰাম প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানৰ মাজত থকা জ্যোতির্লিংগ মন্দিৰ চৌহদ কোনো কংক্ৰিটৰ মণ্ডপ নহয় বুলি সদৰী কৰি এইক্ষেত্ৰত উন্নয়নমূলক কাম-কাজ হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে চাৰিটা বিভাগ ক্রমে বন, পর্যটন, লোক নিৰ্মাণ বিভাগ আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ মন্দিৰ চৌহদ পৰিদৰ্শন কৰাৰ পাছত পৰিচালনা সমিতিৰ কাৰ্যলয়ত বিষয়ববীয়া সকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক আলোচনাতো মিলিত হয়। তাত পৰিচালনা সমিতিৰ ফালৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ফুলাম গামচাৰে আদৰণি জনোৱা হয়। আনহাতে আলোচনা কালত আগন্তুক শাওন মাহত অনুষ্ঠিত হবলগীয়া বোল – বোম উৎসৱৰ। আগতে ইয়াৰে কিছু কাম কৰা হব বুলি সদৰি কৰি মন্ত্ৰী বৰুৱাই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই চুৰান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি পৰিচালনা সমিতিক জানিবলৈ দিছে।