CBI ৰ DIG লাভলী কাটিয়াৰ নেতৃত্বত অব্যাহত আছে ১৬ মে’ত ৰহস্যজনক ভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। ইতিমধ্যে CBI ৰ এই দলটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নগাঁৱত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে। দেওবাৰে পুৱা নগাঁৱ আৱৰ্ত ভৱনত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ ভাষ্য গ্ৰহণ কৰে ডি আই জি লাভলী কাটিয়াৰে। তাৰ পাছত তেওঁক CBIৰ দলটোৰ বাহনতে উঠাই জোনমণি ৰাভাই ব্যৱহাৰ কৰা চৰকাৰী আৱাসগৃহলৈও লৈ যোৱা হয়।
উল্লেখ্য যে, জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে নিশাই তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেয়ে আৰক্ষীৰ দললৈ এই আৱাসগৃহত অভিযান চলাই কেইবালাখ টকা জব্দ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল জোনমণিৰ মাতৃয়ে। সমান্তৰালকৈ সেই অভিযানৰ মাজতে তেওঁৰ ফোনৰ পৰা কল লিষ্ট ডিলিট কৰিছিল বুলিও কৈছিল। ইফালে নগাঁৱত বাহৰ পাতি থকা চি বি আইৰ দলটোৱে এই গোচৰৰ সৈতে নাম সাঙোৰ খোৱা এজনৰ পাছত আন এজন আৰক্ষী বিষয়া তথা জোৱানক জেৰা চলাইছে। নগাওঁ আৱৰ্ত ভৱনতেই CBIৰ দলটোৱে জেৰা চলালে আৰক্ষী বিষয়া ৰাজা ইৰছাদ, মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভাক।
উল্লেখ্য যে, মনোজ ৰাজবংশী আছিল সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। জোনমণি ৰাভা কাণ্ডৰ পাছতে তেওঁক নিলম্বন কৰা হৈছিল। ইফালে আভাজ্যোতি ৰাভাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰি ৰখা হৈছে। আনহাতে CBIৰ জেৰাৰ সন্মুখীন হয় নগাওঁ সদৰ থানাৰ ড্ৰাইভাৰ অনিল ভূঞাকো। এই অনিল ভূঞাই ফোন যোগে জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত কৈছিল কেতবোৰ বিস্ফোৰক মন্তব্য। অৱশ্যে CBIয়ে এতিয়াও জেৰা চলোৱা নাই তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুপজ্যোতি কলিতা, ডি এছ পি ত্ৰিদীপ কুম্বাঙক। অৱশ্যে এই তিনিও আৰক্ষী বিষয়াকে CBIৰ দলটোৱে তলৱ কৰিছে।