আজি আন্তজাৰ্তিক যোগ দিৱস। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত ২১ জুনৰ দিনটো বাৰ্ষিক যোগ দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে ২০১৫ চনৰ পৰা এই দিনটোক আন্তজাৰ্তিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।
২১ জুনৰ দিনটো উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘল দিন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিশেষ গুৰুত্ব থকাৰ বাবেই এই পৰামৰ্শ দিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে। যোগ হৈছে এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন যি প্ৰাচীন ভাৰতত উদ্ভৱ হোৱাৰ তথ্য পোৱা যায়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যেই আৰম্ভ হৈছে যোগ দিৱসৰ উপলক্ষে যোগাসন।