বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নৱত্বম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। বিমানকোঠত কৰ্মৰত সকলো বিভাগৰ অংশীদাৰে এই অনুষ্ঠানত ভাগ লয়। যোগ প্ৰশিক্ষক জিতেন্দ্ৰ সিং, মুকেশ নেগী আৰু কাৰ্বী ৰায়ৰ নেতৃত্বত যোগ দলটোৱে বিভিন্ন আসন, প্ৰাণায়াম, ছন্দময় জপৰ অভ্যাস কৰোৱাই।
উল্লেখযোগ্য যে, শাৰিৰীক ব্যায়ামৰ উপৰিও মানসিক উৎকৰ্ষ সাধনৰ বাবে এক মেডিটেশ্যন কাৰ্যসূচীৰো ৰূপায়ন কৰা হয়। এই মেডিটেশ্যনৰ নেতৃত্ব দিয়ে বি কে বন্দনাই। তেখেতৰ লগত উপস্থিত থাকে বি কে পৰিবৰ্তন আৰু বি কে নন্দিতা। চিআইএছএফ, এয়াৰলাইন্স সহিতে প্ৰায় ২০০ অংশগ্ৰহণকাৰীয়ে এই অনুষ্ঠানত ভাগ লয়। সকলো অংশীদাৰে বহু উৎসাহেৰে অনুষ্ঠান উপভোগ কৰে।