প্ৰতিকূল বতৰৰ মাজতে পুনৰ মেঘালয়ৰ সোণাপুৰত সংঘটিত হ’ল ভূমিস্খলনৰ ঘটনা। পুনৰ সোণাপুৰ টানেলৰ সন্মুখত সংঘটিত হৈছে এই ভূমিস্খলন। ফলত বন্ধ হৈ পৰিছে শিলচৰ আৰু গুৱাহাটী সংযোগী ঘাইপথৰ মাজেৰে যাতায়ত। পথটোৰ মাজাৰে যাতায়ত বন্ধ হৈ পৰাৰ ফলত দুয়ো পাৰে আৱদ্ধ হৈ পৰিছে শ শ যানবাহন।
উল্লেখ্য, ইয়াৰ পূৰ্বেও কিছুদিন এই টানেলৰ সন্মুখত ভূমিস্খলন সংঘটিত হৈছিল। বাৰে বাৰে এই টানেলৰ সন্মুখত ভূমিস্খলন সংঘটিত হৈ অহাৰ ফলত মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আদি ৰাজ্যৰ সৈতেও যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে।