আটলাণ্টিক মহাসাগৰৰ তলিলৈ যোৱা চাবমেৰিনত বিস্ফোৰণ হৈ মৃত্যু ৫ জনলোকৰ। চাবমেৰিন পৰিচালিত কৰা কোম্পানী ওচিয়ানগেটে এই কথাৰ নিশ্চিয়তা প্ৰদান কৰিছে। টাইটান নামৰ চাবমেৰিনখন আটলান্টিক মহাসাগৰৰ তলিত থকা টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈছিল। কিন্তু মহাসাগৰৰ তলিলৈ যোৱাৰ প্ৰায় ২ ঘন্টা পাছতেই এই দলটোৰ লগত সংযোগ বিচ্ছিন্ন হৈছিল। তাৰপাছতে ১৮ জুনৰ পৰা সন্ধানহীন হৈ আছিল চাবমেৰিনখন।
জানিব পৰা মতে অনুসন্ধানকাৰী দলে টাইটানিক জাহাজৰ ওচৰত সন্ধানহীন চাবমেৰিনৰ ধ্বংসাৱশেষ বিচাৰি পাইছে। এই ধ্বংসাৱশেষ এটা ৰবটৰ দ্বাৰা বিচাৰি উলিওৱা হৈছে। ধ্বংস হোৱা চাবমেৰিনখনত আছিল ওছেন গেটৰ মুখ্য কাৰ্যবাহী ষ্টকটন ৰাছ,ব্রিটেইনৰ ধনাঢ্য ব্যক্তি হামিছ হাৰ্ডিন, পাকিস্তানী মূলৰ কোটিপতি ব্যৱসায়ী ছাহজাদা ডাউদ, পুত্র ছুলেমান আৰু ফৰাচী বিশেষজ্ঞ প’ল হেনৰি নাৰ্জিঅ’লেট।
আটলান্টিক মহাসাগৰৰ ১২৫০০ফুট তলত থকা টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ প্ৰায় ৮ ঘন্টা সময়ৰ প্ৰয়োজন হয়। ধ্বংসাৱশেষৰ ওচৰলৈ যোৱাৰ বাবে লাগে ২ ঘন্টা, ৪ ঘন্টা ধ্বংসাৱশেষৰ আশে-পাশে পৰিদৰ্শন কৰিব পাৰি আৰু বাকী ২ ঘন্টা ঘূৰি অহাৰ বাবে প্ৰয়োজন হয়। ১৮ জুনত মহাসাগৰৰ তললৈ যোৱা চাবমেৰিনখন সম্ভৱত টাইটানিকৰ ধ্বংসাৱশেষৰ ওচৰত গৈ পোৱাৰ আগতে সন্ধানহীন হয়।