আজিৰে পৰা আৰম্ভ হ’ল অম্বুবাচী মেলা। বৃহস্পতিবাৰে নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি। লগে লগে পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ।
২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ। ২৬ জুনৰ পুৱা পুনৰ খোল খাব মন্দিৰৰ দুৱাৰ। দেশ-বিদেশৰ অসংখ্য ভক্ত, সাধু-সন্যাসীৰ সমাগামেৰে এতিয়া উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু।
অম্বুবাচী মেলাক লৈ নিৰাপত্তামূলক ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে। সহস্ৰাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে নিয়োজিত কৰা হৈছে বহু স্বেচ্ছাসেৱক। সৰ্তকতামূলক ব্যৱস্থা হিচাপে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে।