আজিৰে পৰা পুনৰ আৰম্ভ হৈছে মাজুলীৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতেই ফেৰী সেৱা বন্ধ ৰখা হৈছিল। পুনৰ শুকুৰবাৰৰ পৰা মাজুলীৰ পৰা নিমাতি ঘাটলৈ ফেৰী চলাচল আৰম্ভ হৈছে।
অফলামুখৰ পৰা নিমাতি ঘাটলৈও চলিছে ফেৰী । কমলাবাৰীৰ পৰা নিমাতিলৈও চলিছে ফেৰী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ ফলতেই পুনৰ চলাচল কৰিছে ফেৰী সেৱা ।