অগ্ৰনী স্বেচ্ছাসেবী সংগঠন ৰটাৰী ক্লাব গুৱাহাটী চাউথৰ উদ্যোগত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যাল়য়ৰ সহযোগত ৰবিবাৰে দীপৰ বিলৰ কাষৰীয়া চকৰদৌ কলিতাপাৰাত। এটা পশু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। শিবিৰৰ লগত সংগতি ৰাখি কলিতাপাৰাত গো – পালকসকলৰ ঘৰে ঘৰে গৈ ডেৰ শতাধিক গৰুক চবকা ৰোগৰ প্ৰতিষেধক টীকা দিয়া হয়। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডিন ডঃ বিবেকানন্দ শইকীয়াৰ নেতৃত্বত গৰুক পেলু প্ৰতিষেধী ঔষধ, ভিটামিন আৰু খনিজ জাতীয় দ্ৰব্য বিতৰণ কৰা হয়। আনহাতে ৰটাৰী ক্লাবৰ কৰ্মকৰ্তা ৰাজেশ বাত্ৰাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ডঃ বিবেকানন্দ শইকীয়াই গো – পালকসকলক নিজৰ নিজৰ নিজৰ পশুধন সমুহ লাম্পী, চবকাকে ধৰি বিভিন্ন ৰোগৰ পৰা কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ কৌশল সমূহ বুজাই কয়।
শিবিৰত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ফেকাল্টি ক্ৰমে ডঃ চন্দন ৰাজখোৱা, ডাঃ তোলন চন্দ্ৰ দত্ত, ডঃ মান্না বাৰুতি, স্নানকোত্তৰ শিক্ষাৰ্থী ক্ৰমে – ডাঃ অক্ষয় ৰায়, ডাঃ প্ৰীতি ক্ৰ’, ডাঃ অংকিতা সিংহা, ডাঃ নৰতি চুলতানা আৰু ডাঃ অভিৰামে পশুধন সমূহক টীকা প্ৰদান কৰে। ইয়াৰ উপৰিও কিছু সংখ্যক দুৰ্বল গৰুক চেলাইন দিয়া হয়। আনহাতে শিবিৰ আৰু গৰুক টীকা প্ৰদান কৰা কাৰ্যত চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি নীৰেন কলিতা, সম্পাদক মৃণাল কলিতা, প্ৰাক্তন সম্পাদক প্ৰমোদ কলিতাকে ধৰি কৰ্মকৰ্তা সকলে সকলো ধৰণৰ সহযোগিতা আগবঢ়ায়।