সদৌ অসম নিবনুৱা যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পৰিষদৰ গুৱাহাটী পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যলয়ত বুধবাৰে পালন কৰা হয়। পুৱা ১০ বজাত পৰিষদৰ স্থায়ী সভাপতি সমাজ বন্ধু ছাজন ভূঞাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শ্বহীদ তৰ্পণ ও বন্তি প্ৰজ্বলন কৰে পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰাঞ্জল প্ৰতীম বৰা আৰু সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ মুখ্য সম্পাদক ঊষামণি শইকীয়াই সভাত প্ৰতিষ্ঠাপক সভাপতি গুৱাহাটী প্ৰাণ, প্ৰয়াত ধীৰেন বৰুৱা দেৱৰ স্মৃতিচাৰণ কৰে পৰিষদৰ মুখ্য সমন্বয়ক জিণ্টু ডেকাই। নিবনুৱা পৰিষদৰ কাৰ্যকৰী সভাপতি লখিমপুৰ জিলাৰ ক্ষীৰোদ চেতিয়াই নিবনুৱা পৰিষদ কাৰ্যাৱলীৰ বৰ্ণনা কৰি কয় যে পৰিষদে ইতিমধ্যেই বহু কেইজন নিবনুৱা যুৱকক ক্ষুদ্ৰ উদ্যোগৰ প্ৰশিক্ষণ দিয়া, বিনামূলীয়াকৈ কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া, বাহঁ-বেটৰ ফাৰ্নিচাৰ বনোৱা, পশু পালন, মীন পালনৰ প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিছে।
উক্ত সভাত আমন্ত্ৰিত অতিথি কবি লেখিকা ঊষামণি শইকীয়াই কয় যে আমাৰ উচ্চ শিক্ষিত নৱ প্ৰজন্মই চৰকাৰী চাকৰী মুখী নহৈ বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ যোগেদি স্বনিয়োজনৰ ব্যৱস্থা কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। পৰিষদৰ স্থায়ী সভাপতি সমাজ বন্ধু ছাজন ভূঞাই কয় যে চৰকাৰে নিবনুৱাক কৰ্মসংস্থাপন দিম বুলি দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিব পৰা নাই, যিহেতু আজি দুবছৰেও এক লাখ নিযুক্তি সম্পুৰ্ণ কৰিব পৰা নাই। আৰু অতি শীঘ্ৰেই আৰু কেইবাটাও সমস্যালৈ অতি সোণকালে মুখ্যমন্ত্ৰী মহোদয়ৰ কাষ চাপিব বুলিও তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানটিত শিলচৰ, লখিমপুৰ, তিনিচুকীয়া, নগাওঁ, ধেমাজি, নলবাৰী, যোৰহাট, বৰপেটাকে আদি কৰি প্ৰায় ১২ খন জিলাৰ প্ৰতিনিধি আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত নিবনুৱা পৰিষদে সাহিত্য সংগঠক লেখিকা ঊষামণি শইকীয়া, সমাজ সেৱিকা অঞ্জনা দাস, অভিনেত্ৰী কবিতা দুৱৰা, যুৱ সাংবাদিক, লেখিকা পাৰিজাত সন্দিকৈ, শিশুশিল্পী আৰুচী আফ্ৰিন, দেৱাশ্ৰী ডেকা, মৈত্ৰেয়ী বৰাক তেখেতসকলে আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা প্ৰদান কৰে।