দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত দীপৰ বিলত মাছৰ বংশবৃদ্ধিৰ বাবে বিলৰ বুকুত মাছৰ পোনা এৰি দি আহিছে। এইবেলিও ৰটাৰী ক্লাব অফ গুৱাহাটী চাউথৰ সহযোগত দীপৰ বিলৰ বুকুত প্ৰায় ৫০ হাজাৰ ৰৌ, ভকুৱা, কুৰিহা আৰু বিকেত মাছৰ পোনা এৰি দিয়া হয়। মাছৰ পোনা এৰি দিয়া উপলক্ষে পহিলা জুলাইত বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰ চৌহদত অনুষ্ঠিত চমু অনুষ্ঠানত ৰটাৰী ক্লাব অফ গুৱাহাটী চাউথৰ উপ সভাপতি ডঃ বলেন্দ্ৰ কুমাৰ দাস, সদস্য ডঃ জ্যোতি শৰ্মা , ডঃ অমৃত পাল সিং , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাছপৰা সমবায় সমিতিৰ সভাপতি গোলক দাস, সম্পাদক গোলক দাস, উপদেষ্টা নিৰন দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।
আনহাতে দুয়োটা দিনতে বিলৰ বুকুত দুখন নাওৰ সহায়ত সমিতিৰ ১৫ জন সদস্যই মাছৰ পোনা সমুহ এৰি দিয়ে। ইফালে দীপৰ বিল পাছপৰা সমবায় সমিতিৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে মাছৰ পোনা এৰি দিয়াৰ পাছত আগন্তক ছয় মাহৰ বাবে বিলৰ বুকুত মাছ ধৰা পৰ্ব বন্ধ থাকিব। পৰবৰ্তী অহা ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম দেওবাৰটোত দীপৰ বিলত সমূহীয়াভাবে মাছ ধৰা পৰ্ব আৰম্ভ হোৱাৰ পাছতহে বিলৰ বুকুত মাছমৰীয়া সকলে মাছ ধৰিব পাৰিব। উল্লেখ্য যে দীপৰ বিলৰ অতন্দ্ৰ প্ৰহৰী হিচাপে পৰিচিত দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে জন্মলগ্নৰে পৰা বিলখন যাতে প্ৰাকৃতিক ভাবে সুৰক্ষিত হয় আৰু মাছমৰীয়া পৰিয়ালৰ লোকসকলৰ বিলত মাছ ধৰা অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰি আহিছে।