মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ গুইমাৰীত ৩ জুলাইত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৰ্বাঞ্চল সেৱা সমিতিৰ নামত অতুল চন্দ্ৰ গোস্বামীৰ সোঁৱৰণত ভুমি দান কৰে অৰূপ গোস্বামী আৰু তেওঁৰ পৰিয়ালবৰ্গই । সেই উপলক্ষে ভূমি দান কৰা মাটিত ভূমি পুজন কৰা হয়।
আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় মহামন্ত্ৰী মিলিণ্ড পাৰাণ্ডে, ক্ষেত্ৰ সংগঠন মন্ত্ৰী দিনেশ তিৱাৰী, উত্তৰ পূৱ প্ৰান্তৰ সংগঠন মন্ত্ৰী হাৰচিং তেৰাং, প্ৰান্ত সম্পাদক ব্ৰজজ্যোতি শৰ্মা, কাৰ্যালয় প্ৰমূখ চিকাৰি ৰংপী, কোষাধ্যক্ষ ৰমেশ আগৰৱালা, দক্ষিণ কামৰূপ জিলাৰ সভাপতি প্ৰসন্ন গোস্বামী, উপ-সভাপতি জয়ন্ত কুমাৰ নাথ, জিলা সম্পাদক সীমান্ত নাথ আৰু সহ সম্পাদক দ্বীপেন দাসসহ কাৰ্যকৰ্তাসকল।
উল্লেখ্য যে ইয়াত মূখ্যত কন্যা ছাত্ৰাবাস আৰু দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হব বুলি কৰ্মকৰ্তা সকলে জানিবলৈ দিছে ।