SCERTৰ গোচৰত অভিযুক্ত ৬ ব্যক্তিৰ জামিন আবেদন নাকচ কৰিছে আদালতে। বিশেষ ন্যায়াধীশৰ আদালতে মঙলবাৰে পুনৰ আটাইকেইজন অভিযুক্তৰ জামিন নাকচ কৰে। জামিন নাকচ সোনমণি নাথ, ভাস্কৰ হাজৰিকা, মনোজ দাস, ডেভিদ অধিকাৰী, বেনিন দলে আৰু ৰাজেশ কুমাৰ যোশীৰ।
SCERT ৰ ১০৫ কোটি টকীয়া এক কেলেংকাৰী পোহৰলৈ আহিছিল। এই কেলেংকাৰীৰ মুখ্য অভিযুক্ত আই এ এছ বিষয়া শেৱালী দেৱী ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে। উল্লেখ্য যে, SCERTৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালক হৈ থকাৰ সময়ত শেৱালী দেৱীয়ে ২০১৭ ৰ পৰা ২০২০ ৰ ভিতৰত সংঘটিত কৰিছিল এই কেলেংকাৰী।