গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সোমবাৰে ডিব্ৰুগড় অভিমুখী ইণ্ডিগো সেৱাৰ ৬ ই ২৬৫২ বিমানখন ১৬০ জন যাত্ৰী লৈ উৰা মৰাৰ প্ৰাকক্ষণত ইঞ্জিনৰ বিজুতিয়ে দেখা দিয়াত পাইলটৰ তৎপৰতাৰ বাবে যাত্ৰী সকলৰ জীবন ৰক্ষা পৰে। প্ৰাপ্ত খবৰ মতে পুৱা ৮.৪০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড় অভিমুখে উৰা মাৰিবৰ বাবে সাজু হৈছিল। কিন্তু ৰাণৱেৰ পৰা আকাশলৈ উৰা মৰাৰ ঠিক আগমূহুৰ্তত পাইলটে বিমানত ইঞ্জিনৰ বিজুতি থকা কথাটো ধৰা পেলাই। লগে লগে পাইলটে বিমান নিয়ন্ত্ৰণ কক্ষক ইঞ্জিনৰ বিজুতি হোৱাৰ কথাটো অৱগত কৰাত নিয়ন্ত্ৰণ কক্ষই যাত্ৰীৰ জীবনৰ সুৰক্ষাৰ স্বাৰ্থত ৰাণৱেৰ সংৰক্ষিত স্থানলৈ বিমানখন নিবলৈ পাইলটক নিৰ্দেশ দিয়ে। তাৰ পাছত সংৰক্ষিত স্থানলৈ নি তাত ইঞ্জিনৰ বিজুতিৰ মেৰামতি কাৰ্য কৰে কাৰিকৰী বিশেষজ্ঞৰ দলে।
আনহাতে বিমানখনত যাত্ৰীৰ ৰূপত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিমল বৰা, বিধায়ক নব কুমাৰ দলেও আছিল। তাৰ পাছত কাৰিকৰী বিশেষজ্ঞৰ দ্বাৰা ইঞ্জিনৰ বিজুতিৰ মেৰামতি কৰাৰ পাছত প্ৰায় তিনি ঘণ্টা পলমকৈ দিনৰ ১১.২০ বজাত বিমানখন ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰে। উল্লেখযোগ্য যে এটা মাহৰ ভিতৰত ডিব্ৰুগড় অভিমুখী ইণ্ডিগো বিমানত এইটো দ্বিতীয় ঘটনা। ৪ জুনতো একেখন বিমান উৰণৰ ৩৫ মিনিট সময় পাছত মাজ আকাশত ইঞ্জিনৰ বিজুতিয়ে দেখা দিয়াত পাইলটে বিমান ঘুৰাই আনি বৰঝাৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল। সিদিনা বিমানখনত ১৭২ জন যাত্ৰী আছিল। যাত্ৰীৰ ৰূপত বিমানখনত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কদ্বয় প্ৰশান্ত ফুকন আৰু তেৰছ গোৱালা, অসম চৰকাৰৰ কেবাজনো উচ্চপদস্থ বিষয়াও আছিল।