কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত বুধবাৰে পথ-সুৰক্ষা মিত্ৰৰ এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সহযোগত অনুষ্ঠিত কৰ্মশালাত পথ-সুৰক্ষা মিত্ৰসকলক পথ-দুৰ্ঘটনাগ্ৰস্ত লোকক ততালিকে প্ৰাথমিক চিকিৎসা প্ৰদান আৰু উদ্ধাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তথা জিলা পৰিবহন বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, জিলা স্বাস্থ্য বিভাগৰ ডাঃ ফাৰহান আলি, অসামৰিক প্ৰতিৰক্ষাৰ উপ-নিয়ন্ত্ৰক জলেশ্বৰ ডেকা, নুৰজাহান বেগম আৰু পানবজাৰৰ যানবাহন পৰিদৰ্শক নিৰুপম নাথ উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷ কৰ্মশালাত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে প্ৰাথমিক চিকিৎসাৰ জ্ঞান আৰু অভিজ্ঞতা ভিত্তিক প্ৰশিক্ষণৰ অভাৱত জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো বহুতেই দুৰ্ঘটনাগ্ৰস্তক কোনোধৰণে সহায় কৰিব নোৱাৰে। অথচ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা প্ৰথম ঘন্টা অৰ্থাৎ “সোণালী ঘন্টা ”(Golden hour)ত সাধাৰণভাৱে চিকিৎসা প্ৰদান কৰিব পাৰিলেও ভুক্তভুগীৰ আঘাতৰ ভয়াবহতা হ্ৰাস পাব পাৰে, জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
সেয়ে মহানগৰীৰ দুৰ্ঘটনাপ্ৰৱন আৰু অনান্য গুৰুত্বপূৰ্ণ স্থানত সংঘটিত দুৰ্ঘটনাগ্ৰস্তক তাৎক্ষণিকভাৱে যাতে সাধাৰণ চিকিৎসা আগবঢ়াই ১০৮ অথবা ওচৰৰ মানুহৰ সহযোগত চিকিৎসালয়ত ভত্তি কৰাবগৈ পাৰে তাৰ বাবে “পথ-সুৰক্ষা মিত্ৰ” নামাকৰনে এক শ্ৰেণীৰ বিশেষ ব্যক্তি তথা মানৱ সম্পদ সৃষ্টি কৰা হৈছে ৷ এইসকল লোককে উন্নতধৰণে প্ৰশিক্ষণ দি অনাগত দিনত মহানগৰ জিলাখনক দুৰ্ঘটনামুক্ত কৰাটোৱেই আজিৰ কৰ্মশালাৰ প্ৰধান উদ্দেশ্য বুলি সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ কৰ্মশালাত অংশগ্ৰহণ কৰি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তথা জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে যানবাহন ব্যৱহাৰকাৰী এচাম শিক্ষিত লোকৰ মাজতো আইন উলংঘা কৰাৰ প্ৰৱনতা বৃদ্ধি পাবলৈ ধৰাতো সমাজ তথা দেশখনৰ বাবেই অশনি সংকেত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই। সেয়ে দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে উপস্থিত হৈ আহতক ঠিতাতে আগবঢ়াব পৰা সেৱাৰ উপৰি পথেৰে যাতায়াত কৰা লোক সকলৰ মাজত পথ সুৰক্ষা বিষয়ক নীতিনিয়ম সমূহ পাৰ্যমানে প্ৰচাৰ কৰিবলৈও তেওঁ পথ সুৰক্ষা মিত্ৰসকলৰ প্ৰতি আহ্বান জনায়। কিয়নো পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা কমোৱাতো এতিয়া আমাৰ সকলোৰেই নৈতিক দায়িত্ব আৰু সময়ৰ আহ্বান হৈ পৰা বুলিও তেওঁ মন্তব্য আগবঢ়াই পথ-সুৰক্ষা মিত্ৰসকলক অতি আন্তৰিকতা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। ট্ৰেফিক ইন্সপেক্টৰ নিৰুপম নাথ আৰু ডা° ফাৰহান আলিয়েও পথ সুৰক্ষা মিত্ৰসকলক বিভিন্নধৰণে দিহা পৰামৰ্শ আগবঢ়োৱা কৰ্মশালাখনত অসামৰিক প্ৰতিৰক্ষাৰ বিষয়া জলেশ্বৰ ডেকা আৰু নুৰজাহান বেগমৰ নেতৃত্বত বিষয়া-কৰ্মীৰ এটা দলে দুৰ্ঘটনা আক্ৰান্তক প্ৰাথমিক চিকিৎসা প্ৰদানৰ সময়ত ব্যৱহৃত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰাৰ উপৰি সেইবোৰৰ সঠিক বিজ্ঞানসন্মত ব্যৱহাৰ সন্দৰ্ভত প্ৰত্যক্ষ কৰোৱাৰ লগতে দুৰ্ঘটনাত আক্ৰান্তক “সোণালী ঘন্টা”ৰ ভিতৰত দিবলগীয়া চিকিৎসা সন্দৰ্ভত বিতংকৈ অৱগত কৰায়। ইফালে মহানগৰীৰ বিভিন্ন স্থানৰ বাবে নতুকৈ মনোনিত দহ গৰাকী পথ সুৰক্ষা মিত্ৰক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে “সুৰক্ষা কীট ”প্ৰদান কৰে৷