কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে। সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে। তেওঁৰ ওপৰত চলি থাকিব মানহানিৰ গোচৰ। ‘মোডী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দোষী সাৱ্যস্ত হৈছিল ৰাহুল গান্ধী। সেই আদেশত স্থগিতাদেশ বিচাৰি কৰা আবেদন দাখিল কৰিছিল গান্ধীয়ে। কিন্তু শুকুৰবাৰে এই আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। ৰাহুল গান্ধীৰ দুবছৰীয়া শাস্তি বাহাল থাকিব। ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল। লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিব লগা হৈছিল। সাংসদ পদ ঘূৰাই নোপোৱাৰ বাবে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে ‘মোডী উপাধি’ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। সকলো মোডী চোৰ বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল।