ভয়াৱহ অগ্নিকাণ্ডৰ কৰুণ পৰিণতি। একেটা পৰিয়ালৰে ১০ সদস্যই আকোৱালি ললে অকাল মৃত্যুক। বুধবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে লাহোৰ চহৰত। উক্ত পৰিয়ালটোৰ বাসগৃহত থকা এটা ৰেফ্ৰিজেৰেটৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। উক্ত ঘটনাৰ ফলত পৰিয়ালৰ আন সদস্যৰ লগতে অকাল মৃত্যুক আকোৱালি লয় ৬ শিশুৱে।
জানিব পৰা মতে, নিহত শিশুকেইটিৰ মাজত এগৰাকী পানীকেচুঁৱাও আছিল। অৱশ্যে ঘটনাৰ কিছুসময় পিচতেই অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুওৱাৰ লগতে বাকী আন সদস্যসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।