দক্ষিণ-পূৱ গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ উদ্যোগত পাঞ্জাবাৰীৰ বাঘৰবৰি উচ্চ ইং বিদ্যালয়ত স্বনামধন্য শিল্পী সুদক্ষিণা শৰ্মাৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই উপলক্ষে ১০ জুলাই, সোমবাৰে ৰাতিপুৱা অনুষ্ঠিত সভাৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মঞ্চৰ মুখ্য আহ্বায়ক দল বাহাদুৰ ছেত্ৰী, প্ৰতিষ্ঠাপক সভাপতি উৰ্মিলা চক্ৰৱৰ্তী, সভাপতি অঞ্জনা দাস, বিদ্যালয়খনৰ প্ৰধান শিক্ষক শৈলেন কুমাৰ বৰ্মনকে ধৰি মঞ্চৰ সদস্য-সদস্যাসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।
সম্পাদিকা অঞ্জুমনি বৰাই উদেশ্য ব্যাখ্যা কৰি আঁত ধৰা অনুষ্ঠানটিত ড° গায়ত্ৰী মেধিয়ে নিদিষ্ট বক্তাৰ ভাষণ দি বৰেণ্য শিল্পী গৰাকীয়ে শিল্প-সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথা উল্লেখ কৰে। শিল্পী গৰাকীৰ স্বামী প্ৰয়াত দিলীপ শৰ্মা আৰু পুত্ৰ ঋষিৰাজ শৰ্মাকো স্মৰণ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত শিল্পী হাফিজা বেগম চৌধুৰী, জুনুমনি শৰ্মা আৰু তাছৰিনৱাৰা ৰহমানে গীত পৰিবেশন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে মঞ্চৰ উদ্যোক্তাসকলে বৃক্ষৰোপণ কাৰ্যসূচীয়ো সম্পন্ন কৰে।