অসম + মিঞা= অসমীয়া যিদৰে অসমীয়া হ’ব নোৱাৰে থিক সেই একেদৰে সকলো মিঞাও বাংলাদেশী নহয় বা হ’ব নোৱাৰে। কিন্তু অসমত সন্দেহজনক বাংলাদেশী বা মিঞাৰ আধিপত্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। মিঞা অবিহনে যেন অস্তিত্বই নাই আজিৰ অসমীয়াৰ। শাক-পাচলিৰ ব্যৱসায়, ঠেলা চালক, ৰিক্সা চালক, দিন হাজিৰা শ্ৰমিককে ধৰি সকলোতে মিঞাৰ দপদপনি। এনেহেন পৰিস্থিতিত অসমৰ অসমীয়াই নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ হ’লে হাতে কামে লাগিবই লাগিব। কৰ্ম সংস্কৃতিৰে মিঞাৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবই লাগিব। ইয়াৰ বিকল্প নাই। আমি হাতে কামে নালাগিলে মিঞা নিৰ্ভৰশীল হৈয়ে থাকিব লাগিব। এই মন্তব্য সাংবাদিক সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ। বিবৃতিটোত কোৱা হয় যে ৰাজ্যৰ সাম্প্ৰতিক পৰিবেশ পৰিস্থিতি অনুধাৱন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মিঞা সন্দৰ্ভত যি মন্তব্য কৰিছে সেয়া সচাকৈয়ে প্ৰতিজন অসমীয়াই চিন্তা কৰিব লগীয়া বিষয়।
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত বিশেষ কৰণীয় তথা দায়িত্ব আছে বুলি উল্লেখ কৰি বিবৃতিটোত জাফাৰ তৰফৰ পৰা আৰু কোৱা হ’য় যে – অসমীয়া নিবনুৱা যুৱক যুৱতীৰ মাজত কৰ্মসংস্কৃতিৰ মনোভাৱ জগাই তোলাৰ বাবে গাৱে- ভূঞে ব্যাপক হাৰত সজাগতামূলক সভাৰ প্ৰয়োজন। একেদৰে কিছুমান ক্ষেত্ৰত চৰকাৰী প্ৰশিক্ষণ আৰু প্ৰয়োজন সাপেক্ষে চৰকাৰী অৰ্থ সাহাৰ্যৰো প্ৰয়োজন। চৰকাৰী ভাৱে এই ক্ষেত্ৰত পদক্ষেপ ললে জাফা আগবাঢ়ি আহিব। অন্যথা অসমতে অসমীয়া ভগনীয়া হ’বলৈ আৰু বেছি সময়ৰ প্ৰয়োজন নহ’ব বুলিও উল্লেখ কৰে।