নিলম্বিত হব লগা হ’ল আৰক্ষী উপ পৰিদৰ্শক লুহিত ৰাজবংশী। উল্লেখ্য যে, লুহিত ৰাজবংশীয়ে তেজপুৰৰ এগৰাকী যুৱতীক মোবাইলত অশ্লীল ফটো বিচৰাত তেজপুৰৰ ৰাজপথত ৰাজবংশীক চৰ শোধাইছিল ভুক্তভোগী যুৱতীগৰাকীয়ে। কেৱল সেয়াই নহয়, ৰাজহুৱাকৈ ৰাজপথৰ মাজত আঁঠু কাঢ়ি নিজৰ কৃতকৰ্মৰ বাবে ক্ষমাও বিচাৰিবলৈ বাধ্য হৈছিল SI ৰাজবংশী।
ইয়াৰ পাছতে ডিজিপি জি পি সিঙে লুহিত ৰাজবংশীক নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰো কম সময়ৰ পূৰ্বে জি পি সিঙে এখন মুকলি পত্ৰৰ জৰিয়তে সকলো আৰক্ষী বিষয়া তথা জোৱানক সতৰ্কবাণী দিছিল। খাকী পোচাকক সন্মান কৰাৰ লগতে নাৰীক সন্মান আৰু মৰ্যাদা দিবলৈ কৈছিল।