অসমৰ এগৰাকী মহিলা বিশিষ্টা লেখিকা, সমাজ সেৱিকা, গুৱাহাটীৰ মালিগাওঁ নিৱাসী টুটুমণি নাথ মেধিক তেওঁৰ সাহিত্য, সংস্কৃতিৰ লগতে সামাজিক ক্ষেত্ৰখনলৈ আগবহোৱা অবদানৰ বাবে ১৫ জুলাইত মেঘালয়ৰ শ্বিলংস্থিত ৰাজ্যিক পুথিভঁৰালত “মিডিয়া প্লাছ্ এৱাৰ্ড -২০২৩” বঁটা প্ৰদান কৰা হৈছে। মেঘালয়ৰ ৰাজ্যিক পুথিভঁৰালত মিডিয়া প্লাছ অনুপ্ৰেৰণা আৰু ৰিটি একাডেমীৰ উদ্যোগত আয়োজিত বার্ষিক সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত মেঘালয়ৰ কেইবাগৰাকীও শিল্পী, সাহিত্যিকৰ লগতে অসমৰো কেইবাগৰাকী লোকক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত টুটুমণি নাথ মেধিক চলিত বৰ্ষৰ “মিডিয়া প্লাছ এৱাৰ্ড -২০২৩” বঁটা প্রদান কৰে মেঘালয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পল হেংগডহ, আৰু আয়ুক্ত – সচিব এফ আৰ খাৰকংগৰে। অনুষ্ঠানত পি আই বিৰ উত্তৰ পূব মণ্ডলৰ মাণ্ডলিক সঞ্চালক এন মনীষ সিঙকে ধৰি শ্বিলঙৰ বহু কেইজন গণ্যমান্য ব্যক্তি আৰু শ্বিলঙৰ সংবাদ মাধ্যমৰ লগত জড়িত বহু লোক উপস্থিত আছিল। ইফালে অনুষ্ঠানত টুটুমণি নাথ মেধিয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।