অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিডেটৰ (ONGC) শিৱসাগৰ জিলাৰ গেলেকীস্থিত এনজি#৮ কূপত নিয়োজিত এছকেপি-১৫০-২ ৰিগত ২১ জুলাইত এক অগ্নিকাণ্ড সংঘটিত হয়। দিনৰ প্ৰায় ২ বাজি ৫০ মিনিটত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
ONGCয়ে তৎপৰতাৰে ইমাৰ্জেঞ্চি ৰেছপঞ্চ প্ৰটকল সক্ৰিয় কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ অগ্নিনিৰ্বাপক বাহিনী জুই নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত লগে লগে উপস্থিত হয়। জৰুৰীকালীন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আঞ্চলিক সংকট ব্যৱস্থাপনা দলৰ বিশেষজ্ঞসকলকো নিয়োজিত কৰা হয়।
ONGC অসম এচেটৰ অগ্নিনিৰ্বাপক বাহিনীৰ ক্ষীপ্ৰ আৰু কাৰ্যক্ষম সঁহাৰিৰ ফলত তাৎক্ষণিকভাৱে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে অগ্নিকাণ্ডটোৰ ফলত কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া বা আঘাতপ্ৰাপ্ত হ’বলগীয়া হোৱা নাই। ONGCৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা আৰু ইয়াৰ সুপ্ৰশিক্ষিত কৰ্মীসকলৰ দক্ষতাই এই অগ্নিকাণ্ড নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
বিয়লি ৪ বাজি ১৭ মিনিটৰ ভিতৰত জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে ONGCৰ অগ্নিনিৰ্বাপক বাহিনীয়ে কুলিং অপাৰেশ্বন অব্যাহত ৰাখিছে। কূপস্থলী সুৰক্ষিত কৰাৰ লগতে বৰ্তমান বিশেষজ্ঞৰ অবিৰত পৰ্যবেক্ষণৰ অধীনত আছে। ONGC বা ইয়াৰ ব্যৱসায়িক অংশীদাৰৰ কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।
এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত আগবঢ়োৱা সহযোগিতাৰ বাবে ONGCৰ ফালৰ পৰা স্থানীয় প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে স্থানীয় ৰাইজৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ ফালৰ পৰা ইয়াকো দোহৰা হৈছে যে ONGC সদায় ইয়াৰ কৰ্মীদল আৰু স্থানীয় লোকৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে।