গুৱাহাটীৰ সত্ৰীয় নৃত্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান তুলিকা নৃত্যঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত যোৱা ১৪ জুলাইৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ ২১ জুলাইত সফল সামৰণি পৰে। এই উপলক্ষে বীৰকুচিতস্থিত তুলিকা নৃত্যঞ্জলি কলাকেন্দ্ৰ প্ৰাংগনত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা
মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয়।
এই কৰ্মশালাত শিশু চেমনীয়াক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত সৃজনশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা বিশিষ্ট নৃত্যশিল্পী তুলিকা ভূঞা বৰুৱা আৰু সত্ৰীয়া নৃত্য শিল্পী কস্তুৰী কাশ্যপ আৰু পাশ্চাত্য নৃত্যত মুখ্য প্ৰশিক্ষক হেমেন শৰ্মা,আৰু সহ প্ৰশিক্ষক সুৰজ কৰ্মকাৰে প্ৰশিক্ষণ দিয়ে। নৃত্য শিক্ষানুষ্ঠানখনৰ নৃত্য প্ৰশিক্ষক কস্তুৰী কাশ্যপে আত ধৰা অনুষ্ঠানটোত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী, পদ্মশ্ৰী বায়ানাচাৰ্য ঘনকান্ত বৰা,কণ্ঠশিল্পী মনীষা হাজৰিকা, গীতিকাৰ মঞ্জুলা হাজৰিকা, কণ্ঠশিল্পী নৃত্যনন্দ ডেকা, সাংস্কৃতিক সাংবাদিক অতুল দত্ত উপস্থিত থাকে। উল্লেখ্য যে, নৱপ্ৰজন্মক বিষ্ণু-জ্যোতিৰ সৈতে পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে এই ৭ দিনীয়া সৃজনশীল নৃত্যৰ কৰ্মশালা আৰু পাশ্চাত্য নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।