দিশপুৰত জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চ, অসমৰ নৱগঠিত শক্তিশালী মহিলা মঞ্চৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথম কাৰ্যনিৰ্বাহক সভাখন ৰবিবাৰে লোকনিৰ্মান বিভাগ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। মহিলাশক্তিৰ সবলীকৰণক গুৰুত্ব সহকাৰে লৈ গঠিত হোৱা উক্ত মহিলা মঞ্চখনত অসমৰ প্ৰায় সকলো জিলাৰ প্ৰতিনিধিৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বঢ়ায়। দিনযোৰা কাৰ্যসূচী অনুসৰি পঞ্জীয়নৰ পিছতেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ,অসম অভিভাৱক কমিটি আৰু নৱগঠিত মহিলা মঞ্চৰ সন্মানীয় সভাপতি/ সভানেত্ৰী তথা সমূহ সন্মানীয় বিষয়ববীয়াৰ উপস্থিতিত মঞ্চ’ৰ নিজস্ব পতাকা উত্তোলনৰে সভা উদ্বোধন কৰা হয়।
উক্ত সভাখনৰ প্ৰাৰম্ভিক কাৰ্যসূচী পৰিচালনা কৰে বাবুৰাম হাকাচাম ডাঙৰীয়াই। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ,অসম অভিভাৱক কমিটিৰ সভাপতি ৰেৱকান্ত গগৈ ডাঙৰীয়া তথা সন্মানীয় বিষয়ববীয়াৰ আসন গ্ৰহণৰ পিছত সভা মঞ্চত বন্তি প্ৰজ্জ্বলন আৰু জ.সা.ঐ.ম.অসমৰ ঐক্য গীতেৰে সভাৰ আৰম্ভনি হয়। কাৰ্যসূচী অনুসাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অভিভাৱক কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলি ডাঙৰীয়াই।
জ.সা.ম.ঐ.ম.অসমৰ নৱ-গঠিত মহিলা মঞ্চৰ সভানেত্ৰী দ্বিপান্বীতা দুৱৰা আৰু কাৰ্যকৰী সভানেত্ৰী হেমা চৌধুৰীক মঞ্চত আদৰণি জনোৱা হয়। কাৰ্যসূচী অনুসৰি নৱ-গঠিত মহিলা মঞ্চৰ ১১ জনীয়া কৰ্ণধাৰ কমিটি গঠণ কৰি তালিকা পাঠ কৰে প্ৰহ্লাদ মিলি ডাঙৰীয়াই। সভাৰ উদ্দেশ্য অনুসৰি যোৱা ২৫ জুনত গঠিত হোৱা জ.সা.ম.ঐ.ম, অসম মহিলা মঞ্চ’ৰ শপত গ্ৰহণ তথা প্ৰথম কাৰ্যনিৰ্বাহক সভাখন সম্পন্ন কৰা হয়।