বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী শইকীয়াই সংমণ্ডলৰ অধীনৰ পাঁচোটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া সকলক নিজ নিজ এলেকাত অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছিল।
নিৰ্দেশ অনুসৰি গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে যোৱানিশা জালুকবাৰী, বৰাগাঁও, খানাপাৰা আৰু নাৰেংগীত অভিযান চলাই চালান অবিহনে অবৈধভাবে শিল আৰু বালি সৰবৰাহ কৰা পাঁচখন ডাম্পাৰ জব্দ কৰে। পাছত জব্দ কৰা ডাম্পাৰ কেইখন বশিষ্ঠস্থিত পূব কামৰূপ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয় চৌহদলৈ লৈ যোৱা হয়। অানহাতে এই সন্দৰ্ভত বন আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে।