বৰ্তমান বিভিন্ন কেলেংকাৰী আৰু দুৰ্নীতিত কেইবাজনো বিজেপি নেতা-পালিনেতাৰ নাম সাঙোৰ খাই পৰিছে। আদৰ্শবান দল বুলি পৰিচিত বিজেপিত যেন এতিয়া দুৰ্নীতি-কেলেংকাৰীত জড়িতসকলৰ অঘোষিত প্রতিযোগিতা। আৰু শেহতীয়াকৈ চুপাৰি ছিণ্ডিকেটত নাম জড়িত হৈ পৰিছে খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক বুলি পৰিচিত জিতু দাসৰ৷
ইয়াৰ লগে লগেই গেৰুৱা শিবিৰৰ ওপৰত সৰৱ বিধায়ক অখিল গগৈ ৷ বিজেপিৰ সদৰ কাৰ্যালয়ৰ পৰাই এতিয়া চিণ্ডিকেট পৰিচালনা কৰি থকা হৈছে৷ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে আঁত ধৰিছে চিণ্ডিকেটৰ বুলি মত ব্যক্ত গগৈৰ। বিজেপি চৰকাৰৰ দিনত চিণ্ডিকেট ব্যাপক ৰূপত চলি আছে ৷ দুটা মান দিনৰ পূৰ্বে এটা ফোন কল পোহৰলৈ অহাৰ পাছত দিনৰ পোহৰৰ দৰেই মুকলি হৈ পৰিছে চিণ্ডিকেটৰ কথা ৷ ফোনকলত মুখ্যমন্ত্ৰীৰ পাছতে থকা এজন প্ৰভাৱশালী মন্ত্ৰী চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ কথাও পোহৰলৈ আহিছে ৷ ভৱেশ কলিতাৰ ব্যক্তিগত সচিব বুলি জিতু দাসে লগোৱা নেমপ্লেট আমি দেখা পাইছো বুলি মত প্ৰকাশ গগৈৰ ৷ চুপাৰি,বালি,কাঠ চিণ্ডিকেটৰ সৈতে পোনপটীয়াকৈ জড়িত জিতু দাস ৷ ভৱেশ কলিতা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই চিণ্ডিকেটৰ সৈতে জড়িত ৷ইমানৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈয়ে আছে বিজেপি চৰকাৰৰ দিনত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল৷ লগতে গগৈৰ প্ৰশ্ন এতিয়ালৈকে মিলন বৰগোহাই, জিতু দাস গ্ৰেপ্তাৰ হোৱা নাই কিয়?
ভৱেশ কলিতাক গ্ৰেপ্তাৰ হোৱা নাই কিয়? চিণ্ডিকেটৰ সৈতে জড়িত হৈ পৰা মন্ত্ৰীজনক এতিয়ালৈকে প্ৰশ্ন সুধা নাই কিয়? অতি সোনকালে জিতু দাস, মিলন বুঢ়াগোহাইক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ওপৰত CBI তদন্ত দি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি মত প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে৷